অসম

assam

ETV Bharat / bharat

চি ডি এছৰ নিযুক্তি আৰু সামৰিক সংস্কাৰ - ভৱিষ্যতৰ যুদ্ধবোৰৰ তথ্য

প্ৰায় ২০ বছৰ ৰাজনৈতিক অনিচ্ছুকতাৰ পাছত চৰকাৰে এতিয়া এজন চি ডি এছৰ নিযুক্তিত অনুমোদন প্ৰদান কৰিছে । এই সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্যে স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰিছিল যদিও চি ডি এছৰ ওপৰত কোনবোৰ দায়িত্ব ন্যস্ত কৰা হ’ব সেয়া উল্লেখ কৰা নাছিল ।

চি ডি এছৰ নিযুক্তি আৰু সামৰি
চি ডি এছৰ নিযুক্তি আৰু সামৰি

By

Published : Dec 30, 2019, 2:19 AM IST

Updated : Dec 30, 2019, 11:43 AM IST

নিউজ ডেস্ক, 29 ডিচেম্বৰ:২০০১ চনত কাৰ্গিল পৰ্যালোচনা সমিতিৰ পাছত গঠন কৰা মন্ত্ৰীৰ দলে মন্তব্য কৰিছিল, “ চি অ’ এচ চি বা চীফ অৱ্ ষ্টাফ কমিটীৰ কাৰ্যকলাপে চৰকাৰক সামৰিক উপদেশ দিয়াত ইয়াৰ ব্যৰ্থতাক উন্মোচন কৰে । আভ্যন্তৰীণ বিষয়সমূহ, পৰিকল্পনা, নীতিগত আৰু কাৰ্যকৰী সমস্যাসমূহ সমাধান কৰাৰ বাবে ইয়াৰ অদক্ষতাক উন্মোচন কৰে ।” তাৰ পাছত তেওঁলোকে চৰকাৰক পোনপটীয়া সামৰিক উপদেশ প্ৰদানৰ উদ্দেশ্যে চি ডি এচঅৰ্থাৎ চীফ্ অৱ ডিফেন্স ষ্টাফ নিযুক্তিৰ পোষকতা কৰে ।
প্ৰায় ২০ বছৰ ৰাজনৈতিক অনিচ্ছুকতাৰ পাছত চৰকাৰে এতিয়া এজন চি ডি এছৰ নিযুক্তিত অনুমোদন প্ৰদান কৰিছে । এই সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্যে স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰিছিল যদিও চি ডি এছৰ ওপৰত কোনবোৰ দায়িত্ব ন্যস্ত কৰা হ’ব সেয়া উল্লেখ কৰা নাছিল । এই নিযুক্তিয়ে প্ৰকৃততে সামৰিক ব্যৱস্থাৰ সংস্কাৰ সাধনৰ লগতে কাৰ্য ক্ষমতা বৃদ্ধি কৰিব নে নাই সেয়া নিৰ্ভৰ কৰিব ন্যস্ত কৰা দায়িত্ববোৰে ।
চি ডি এছ পদটো সৃষ্টি সম্পৰ্কে প্ৰকাশ কৰা প্ৰেছ বিবৃতিত পদটোৰ কাৰ্যাৱলী আৰু তেওঁ অনুসৰণ কৰিবলগীয়া পথৰ নিৰ্দেশনাৰ বিষয়ে উল্লেখ কৰা হৈছে । চৰকাৰে যে চি ডি এছ পদটোক সামৰিক সংস্কাৰত উল্লেখনীয় ভূমিকা ল’ব বুলি আশা কৰিছে সেই কথাও ইয়াত প্ৰকাশ পায় । চি ডি এছে অগ্ৰণী ভূমিকা ল’বলগীয়া কেইটামান গুৰুত্বপূৰ্ণ দিশ তলত উল্লেখ কৰা হ’ল -

কাৰ্যকলাপ, প্ৰশিক্ষণ, অন্যান্য সেৱাক সংযুক্ত কৰাৰ বাবে চি ডি এছক তিনি বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে । বৰ্তমান স্থলসেনা, নৌসেনা আৰু বায়ুসেনাই এই সেৱাসমূহ নিজাববীয়াকৈ চলায় বাবে বহু পৰিমাণে প্ৰভেদ থাকে । আটাইকেইটা বিভাগৰে নিজা নিজা প্ৰশিক্ষণ ব্যৱস্থা আছে যদিও প্ৰশিক্ষণত ব্যৱহৃত প্ৰায়বোৰ সামগ্ৰী প্ৰায় একেই । যোগাযোগ সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত তিনিওটা বিভাগৰ মাজত সমন্বয়ৰ অভাৱ থকাৰ বাবে যুটীয়াভাৱে কাম কৰাত সমস্যাৰ সৃষ্টি হয় । অধিক যুটীয়া প্ৰচেষ্টাই কেৱল মানুহৰ সংখ্যা হ্ৰাস কৰাই নহয়, কৰ্ম দক্ষতাও বৃদ্ধি কৰিব ।

চি ডি এছৰ আন এক গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে-সামৰিক কমাণ্ডোক পুনৰ্গঠন কৰা । যুটীয়া থিয়েটাৰ কামাণ্ডৰ জৰিয়তে অভিআনত একতা অনা তেওঁৰ দায়িত্ব । একত্ৰিত থিয়েটাৰ কামাণ্ডৰ অভাৱে যুটীয়া পৰিকল্পনা আৰু অভিযান সম্পন্ন কৰোঁতে সমন্বয়ত ব্যাঘাত ঘটায় । বৰ্তমান উত্তৰ দিশৰ সীমান্তত চীনৰ একমাত্ৰ পশ্চিম থিয়েটাৰ কামাণ্ডৰ মুখামুখি হোৱাকৈ ভাৰতৰ সাতটা স্থলসেনা আৰু বায়ুসেনাৰ কামাণ্ড আছে । সামৰিক বিভাগৰ মাজতে থিয়েটাৰ কামাণ্ড প্ৰৱৰ্তন কৰাত কিছু বাধা আছে । কিন্তু চি ডি এছে এই গুৰুত্বপূৰ্ণ বিষয়ত ঐক্যমতত উপনীত কৰাব বুলি আশা কৰিব পাৰিব ।

চি ডি এছে বিমান, জাহাজ, টেংক আদি ক্ৰয়ৰ ক্ষেত্ৰত আন্তঃবিভাগ প্ৰয়োজনীয়তাত গুৰুত্ব দিব । সামৰিক বাজেট বৃদ্ধিৰ লগতে কেৱল নিৰ্দিষ্ট সেৱাকেন্দ্ৰিক দৃষ্টিকোণৰ সলনি আমাৰ সামৰিক দক্ষতাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাটো দৰকাৰ । এটা কথা সঁচা যে স্থলসেনা, মৌসেনা আৰু বাসুয়েনাৰ বহু অভাৱ আছে । কিন্তু বৰ্তমান নিৰ্ধাৰিত ধনৰ ভিতৰতে যিহেতু সকলো প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱৰি সেয়ে অধিক গুৰুত্বপূৰ্ণ বিষয়বোৰত প্ৰথমে প্ৰাধান্য দিব লাগিব ।

ভৱিষ্যতৰ যুদ্ধবোৰৰ তথ্য, চাইবাৰ আক্ৰমণ, মহাকাশ যুদ্ধক্ষেত্ৰ, কৃত্ৰিম বুদ্ধিমত্তাৰ উত্তৰণ আদিয়ে নিৰূপণ কৰিব । এইবোৰ বিষয়ে সেনাৰ নিৰ্দিষ্ট বিভাগবোৰৰ পৰিসীমা পাৰ কৰিছে যদিও সঠিক গুৰুত্ব এতিয়াও লাভ কৰা নাই । পৰ্যাপ্ত পুঁজিৰ আবণ্টনেৰে চি ডি এছে এইবোৰ বিষয়ত গুৰুত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিব পাৰি ।
চি ডি এছৰ ভূমিকাক লৈ চৰকাৰখন অধিক উচ্চাকাংক্ষী হ’ব বুলি আশআ প্ৰকাশ কৰিব পাৰিনে? মোৰ দৃষ্টিত “কোনো সামৰিক কামাণ্ড ৰূপায়ণ কৰাৰ সলনি ৰাজনৈতিক নেতৃত্বক নিৰপেক্ষ পৰামৰ্শ দিব” কথাষাৰ স্ববিৰোধী ।কামাণ্ড কাৰ্যকলাপৰ বাহিৰত থাকি যে চি ডি এছৰ অভিযান পৰিকল্পনাৰ কিবা বিশেষ ভূমিকা থাকিব সেয়া মোৰ মনে নধৰে । গতিকে সংকটৰ সময়ত নিৰপেক্ষ পৰামৰ্শ দিবলৈ চি ডি এছৰ হাতত অভিযান সম্পৰ্কীয় কোনোধৰণৰ গুৰুত্বপূৰ্ণ তথ্য নাথাকিব । গতিকে ৰাজনৈতিক নেতৃত্বই সেনাৰ তিনিটা শাখাৰ মুৰব্বীসকলক কথাহে শুনিব । কিয়নো তেওঁলোকে জোৱানসকলক চাৰ্জিকেল ষ্ট্ৰাইক সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ।

আনহাতে চি ডি এছ নিযুক্তিৰ বহু ইতিবাচক দিশ আছে । ইয়াৰ ফলত সেনাৰ তিনিটা শাখা একত্ৰিত হোৱাত সহায়ক হ’ব । তিনিওটা বিভাগৰ সীমাবদ্ধতা দূৰ কৰাৰ লগতে সামৰিক বাজেট নিয়ন্ত্ৰণ কৰাত চি ডি এছৰ নিযুক্তিয়ে সহায় কৰিব । অৱশ্যে সামৰিক সংস্কাৰৰ এই পথ মসৃণ কৰাৰ বাবে চি ডি এছক আমোলাসকলৰ লগতে প্ৰতিৰক্ষাৰ বিত্তীয় উপদেষ্টা আৰু তিনিওটা শাখাৰ মুৰব্বীসকলৰ পৰা সহায়-সহযোগিতাৰ প্ৰয়োজন হ’ব । অৱশ্যে ইয়াৰ ফলত তিনিওটা শাখাৰ মুৰব্বীসকলে পৰম্পৰাগতভাৱে উপভোগ কৰি অহা কিছু ক্ষমতা হেৰুৱাব লাগিব ।

লেঃ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ডি এছ হুদা (2016 চনৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ নেতৃত্ব দিয়া মূল ব্যক্তিজন)

লগতে পঢ়ক: দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফ জেন. বিপিন ৰাৱাট

Last Updated : Dec 30, 2019, 11:43 AM IST

ABOUT THE AUTHOR

...view details