নেশ্যনেল ডেস্ক, ২০ অক্টোবৰ:হায়দৰাবাদত চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলেকিউলাৰ বায়'লজিয়ে কাঠফুলাযুক্ত এক ৰোগ প্ৰতিৰোধী পৰিপূৰক খাদ্যৰ ওপৰত সফলভাৱে গৱেষণা সম্পন্ন কৰিছে। গৱেষণা প্ৰতিষ্ঠানটোৱে কাঠফুলাৰ পৰা ৰোগ প্ৰতিৰোধী পৰিপূৰক খাদ্য প্ৰস্তুত কৰিব। অটল ইকিউবেছনৰ সহায়ক প্ৰতিষ্ঠান ক্লন ডিল্ছে চেলুলাৰ এণ্ড মলেকিউলাৰ বায়'লজিৰ সৈতে গৱেষণা কৰে। কাঠফুলাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্টছ থাকে আৰু ইয়াৰ বিটা গ্লুকনত ৰোগ প্ৰতিৰোধী গুণ থাকে।
কাঠফুলাক কৰ'ণা ভাইৰাছ প্ৰতিৰোধী ঔষধ প্ৰস্তুতৰ বাবে যো-জা চলোৱা হৈছিল। সম্প্ৰতি গৱেষকসকলে পৰিপূৰক খাদ্য প্ৰস্তুত কৰিবলৈও সাজু হৈছে। প্ৰখ্যাত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এম্ব্ৰ'ছিয়াই এই খাদ্য বজাৰত উপলব্ধ কৰাবলৈ গৱেষণা প্ৰতিষ্ঠানটোৰ সৈতে একেলগে কাম আৰম্ভ কৰিছে। পনীয়া পৰিপূৰকৰ ৰূপত উপলব্ধ হ'ব এই খাদ্য আৰু ইয়াত cordyceps, curcumin আৰু কাঠফুলা থাকিব।