নেশ্যনেল ডেস্ক, ২৬ জুন : কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ড চমুকৈ চিবিএছই য়ে শুকুৰবাৰে কৰা ঘোষণা অনুসৰি, দশম আৰু দ্বাদশ শ্ৰেণীৰ মূল পৰীক্ষাৰ ফলাফল আগন্তুক ১৫ জুলাইত ঘোষণা কৰা হ'ব । পৰীক্ষা নিয়ন্ত্ৰক সন্যাম ভৰদ্বাজে সদৰী কৰা মতে, ''শেহতীয়া কোভিড-১৯ৰ সংক্ৰমণৰ বাবে স্থগিত ৰখা পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰা হ'ব '' ।
১৫ জুলাইত ঘোষণা কৰা হ'ব চিবিএছইৰ পৰীক্ষাৰ ফলাফল
চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ মূল পৰীক্ষাৰ ফলাফল অহা ১৫ জুলাইত ঘোষণা কৰা হ'ব । পৰীক্ষা নিয়ন্ত্ৰক সন্যাম ভৰদ্বাজে সদৰী কৰে এই কথা ।
১৫ জুলাইত ঘোষণা কৰা হ'ব চিবিএছইৰ পৰীক্ষাৰ ফলাফল
লগতে তেওঁ কয় যে, ''ফলাফলৰ পিছত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ নম্বৰসমূহ বঢ়োৱাৰ এক সুযোগ পাব, কিন্তু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সুবিধা উপলব্ধ নহয় । ব'ৰ্ডে নিৰ্ধাৰণ কৰা নম্বৰেই ছাত্ৰ-ছাত্ৰীসকলৰ মূল নম্বৰ হ'ব ''।
লগতে পঢ়ক : মণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান