নেশ্যনেল ডেস্ক, 11 অক্টোবৰ : CBI য়ে 14 ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰসত সংঘটিত ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে দেওবাপে পুৱা ভাৰতীয় দণ্ডবিধিৰ অধীনত গণধৰ্ষণ আৰু হত্যা সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে ৷
নিৰ্যাতিতাৰ ভাতৃয়ে ইয়াৰ পূৰ্বে ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ হাথৰস জিলাৰ চান্দপা থানাত অভিযোগ প্ৰদান কৰিছিল ৷ বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, অনুসন্ধানকাৰী সংস্থাটোৱে তদন্তৰ বাবে এটা দল গঠন কৰিছে ৷ ইয়াৰ পূৰ্বেও কেন্দ্ৰ চৰকাৰে এগৰাকী 19 বৰ্ষীয় যুৱতীৰ সৈতে হোৱা গণধৰ্ষণ আৰু মৃত্যুক তদন্তৰ বাবেও CBI ক এক অধিসূচনা জাৰি কৰিছিল ৷