সাৰদা কেলেংকাৰীঃ তৃণমূলৰ সাংসদ ডেৰেক অ' ব্ৰেইনলৈ চমন জাৰী চিবিআইৰ - West Bengal
বিগত জানুৱাৰী মাহতে অপৰাধ অনুসন্ধান সংস্থাটোৱে তৃণমূলৰ বিতৰ্কিত সাংসদগৰাকীলৈ চমন জাৰী কৰিছিল যদিও সংসদৰ অধিৱেশনৰ বাবে অনুসন্ধানকাৰী সংস্থাৰ পৰা সময় বিছাৰিছিল ডেৰেক অ' ব্ৰেইনে ৷

ডেৰেক অ' ব্ৰেইন
নিউজ ডেস্ক, 27 জুলাইঃ তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ' ব্ৰেইনলৈ পুনৰ চমন জাৰী কৰিছে কেন্দ্ৰীয় অপৰাধ অনুসন্ধানকাৰী সংস্থাই ৷ সাৰদা গোচৰত অভিযুক্ত হৈ পৰা সাংসদগৰাকীক চমনযোগে শীঘ্ৰেই সংস্থাটোৰ ওচৰত হাজিৰ হ'বলৈ কাঢ়া নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ৷ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে চিবিআইৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভা সাংসদগৰাকীক ৷