অসম

assam

ETV Bharat / bharat

সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰীক্ষণ কৰিব AIIMSৰ চিকিৎসকে - সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত মতামত দিব AIIMSৰ চিকিত্সকে

সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰীক্ষণ কৰি মতামত আগবঢ়াব AIIMSৰ ফৰেনচিক বিশেষজ্ঞই। প্ৰয়াত অভিনেতাজনৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত তদন্ত চলাই থকা CBIয়ে AIIMSৰ ফৰেনচিক বিশেষজ্ঞৰ পৰা আইনী মতামত বিচাৰিছে।

সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰীক্ষণ কৰিব AIIMSৰ চিকিত্সকে
সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰীক্ষণ কৰিব AIIMSৰ চিকিত্সকে

By

Published : Aug 22, 2020, 4:38 PM IST

নেশ্যনেল ডেস্ক,২২আগষ্টঃ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত AIIMSৰ ফৰেনচিক বিশেষজ্ঞৰে যোগাযোগ কৰিছে CBIয়ে । শুক্ৰবাৰে সুশান্তৰ মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহ পৰ্যবেক্ষণ কৰাৰ পিছত CBIয়ে অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰ পৰীক্ষণৰ দায়িত্ব দিছে AIIMSৰ ফৰেনচিক বিশেষজ্ঞক। মুম্বাই আৰক্ষীৰ পৰা যাৱতীয় তথ্য-পাতি সংগ্ৰহৰ লগতে CBIয়ে কেইবাজনো লোকৰ ভাষ্যও বাণীবদ্ধ কৰে। উল্লেখ্য যে, যোৱা ১৪জুনত মুম্বাইৰ বাসগৃহত উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছৰে পৰা CBIৰ বিশেষ তদন্তকাৰী দলে তদন্ত আৰম্ভ কৰিছে। CBIৰ দলটো মুম্বাইতো ১০দিনৰ বাবে বাহৰ পতাৰ সম্ভাৱনা আছে। বিশেষ তদন্তকাৰী দলটোৰ বিষয়া নুপুৰ প্ৰসাদে ইতিমধ্যে মুম্বাই আৰক্ষীৰে কথা পাতিছে। ঘটনাস্থলীৰ পৰা মুম্বাই আৰক্ষীয়ে উদ্ধাৰ কৰা সকলো সামগ্ৰী, নথি-পত্ৰ সংগ্ৰহ কৰিছে CBIয়ে। পৃথকে পৃথকে ৪-৫টা সৰু সৰু দল গঠন কৰা হৈছে। এটা আৰক্ষীৰ সৈতে যুটীয়াভাৱে এটা দল, এটা দল ঘটনাস্থলী পৰ্যবেক্ষণৰ বাবে, ক্ষেত্ৰ অধ্যয়ণৰ বাবে এটা দল আৰু সাক্ষী আৰু সম্পৰ্কিত ব্যক্তিক জেৰা চলোৱাৰ বাবে এটা দল গঠন কৰা হৈছে। বিশেষ সূত্ৰই জনোৱা মতে, সুশান্তৰ মৃত্যু পিছত ঘটনাস্থলীত উপস্থিত হোৱা প্ৰথম ৫জন ব্যক্তিৰ জেৰা চলোৱা হ'ব।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল কোপাৰ হাস্পতালৰ ৫গৰাকী চিকিত্সকে। আটাইকেইগৰাকী চিকিত্সক আৰু হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভুল তথ্য দিয়াৰ অভিয়োগ তুলি ফোনযোগে অজ্ঞাত ব্যক্তিয়ে অপমান কৰাৰ ঘটনাও পোহৰলৈ আহিছিল। CBIয়ে এই ৫গৰাকী চিকিত্সকৰ সৈতেও বাৰ্তালাপ কৰিব। সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰ পৰীক্ষণৰ দায়িত্ব দিয়া হৈছে AIIMSৰ ফৰেনচিক বিশেষজ্ঞক।

ABOUT THE AUTHOR

...view details