কলকাতা , 26 মে' : প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ বাসভৱনত চি বি আইৰ দল ৷ প্ৰাক্তন আয়ুক্তজনৰ বিৰুদ্ধে "লুক আউট" জাননী জাৰী ৷ প্ৰাক্তন আয়ুক্ত গৰাকীক দেশৰ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ ৷ সাৰদা চীট ফাণ্ড জালিয়াতিৰ অনুসন্ধান সম্পৰ্কত সোধা পোচাৰ বাবে কলকাতাৰ চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰাক্তন আয়ুক্তগৰাকীলৈ ৷ ইয়াৰ পাচতে কলকাতাৰ আৰক্ষী উপ-আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় চিবিআইৰ দল ৷
কলকাতাৰ প্ৰাক্তন আয়ুক্তৰ বাসভৱনত চিবিআইৰ দল - সাৰদা
প্ৰাক্তন আয়ুক্ত গৰাকীক দেশৰ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ ৷ সাৰদা চীট ফাণ্ড জালিয়াতিৰ অনুসন্ধান সম্পৰ্কত সোধা পোচাৰ বাবে কলকাতাৰ চি বি আইৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰাক্তন আয়ুক্তগৰাকীলৈ ৷ ইয়াৰ পাচতে কলকাতাৰ আৰক্ষী উপ-আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় চিবিআইৰ দল ৷
উল্লেখ যোগ্য যে, 2012 -13 চনত সাৰদা-ৰ'জভেলীৰ চীটফাণ্ড কেলেংকাৰী পোহৰলৈ অহাৰ পাচতে আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছিল ৰাজ্য চৰকাৰে ৷ পৰৱৰ্তী সময়ত তদন্ত দায়িত্ব অৰ্পন কৰা হয় চি বি আইক ৷ চি বি আইৰ অনুসন্ধানত প্ৰাক্তন আয়ুক্তগৰাকীৰ বিৰুদ্ধে তদন্তৰ তথ্য বিকৃতিকৰণৰ অভিযোগ উত্থাপিত হয় ৷ প্ৰাক্তন আয়ুক্তগৰাকীৰ বিৰুদ্ধে জাৰি কৰা হয় চমন ৷ এই সন্দৰ্ভত প্ৰাক্তন আয়ুক্তগৰাকীৰ বাসভৱনত চিবিআই উপস্থিত হোৱাৰ সময়ত বাধাৰ সন্মুখীন হৈছিল আৰক্ষী ৷ পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল চিবিআই ৷ ৰাজীৱ কুমাৰক চিবিআইক সহযোগিতা আগবঢ়োৱাৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাত বাধা দিছিল উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৷ অৱশ্যে 17 মে'ত এই ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিছিল উচ্চতম ন্যায়ালয়ে ৷ আইনী সহায়ৰ বাবে সাতদিন সময় দিয়া হয় যদিও আইনজীৱিৰ কৰ্মবিৰতিৰ বাবে অগ্ৰিম জাননী লাভ কৰিবলৈ সক্ষম নহ'ল ৰাজীৱ কুমাৰ ৷
ইয়াৰপূৰ্ব শ্বিলঙত পাঁচদিন ধৰি ৰাজীৱ কুমাৰক জেৰা কৰিছিল চিবি আইয়ে ৷ শুকুৰবাৰে বাৰাসাত আদালতে নাকচ কৰিছিল ৰাজীৱ কুমাৰৰ অগ্ৰিম জাননীৰ আবেদন ৷ বৰ্তমান পৰিস্থিতি অনুসৰি যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰাক্তন আয়ুক্তগৰাকী ৷ সেয়ে গ্ৰেপ্তাৰৰ পূৰ্বে ৰাজীৱ কুমাৰক দেশৰ বাহিৰলৈ যোৱাত বাধা আৰোপ কৰা হৈছে ৷