নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ :কেন্দ্ৰৰ বিজেপি চৰকাৰৰ অধীনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই) পানৰ দোকানলৈ পৰিণত হৈছে বুলি মন্তব্য মহাৰাষ্ট্ৰৰ মন্ত্ৰী আছলাম শ্বেইখৰ ৷ চিবিআই তদন্তৰ বাবে ৰাজ্য চৰকাৰৰ অনুমতি অত্যাৱশ্যকীয় বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰাৰ পাচতে ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰণি জনাই এনেদৰে মন্তব্য কৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰীগৰাকীয়ে ৷
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত শ্বেইখে কয়, "বিজেপি চৰকাৰৰ অধীনত চিবিআই 'পান পট্টী'ৰ দোকানৰ দৰে হৈ পৰিছে ৷ বিজেপিৰ শাসন নথকা যিকোনো ৰাজ্যত চিবিআই উপস্থিত হৈ যিকোনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ আমি আদালতৰ সিদ্ধান্তক স্বাগতম জনাইছো ৷"
উল্লেখ্য যে, বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে যে, কোনো ৰাজ্যত চিবিআইয়ে তদন্ত আৰম্ভ কৰিবৰ বাবে সেই নিৰ্দিষ্ট ৰাজ্যৰ চৰকাৰৰ সন্মতিৰ প্ৰয়োজন ৷ এই ক্ষেত্ৰত ৰাজ্যৰ সন্মতিৰ অবিহনে কেন্দ্ৰ চৰকাৰে অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে বুলি শীৰ্ষ আদালতে মন্তব্য আগবঢ়ায় ৷