নিউজ ডেস্ক, 29 জানুৱাৰী : অবৈধ ভাবে সোণ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে শুকুৰবাৰে শুল্ক বিভাগৰ দুগৰাকী অধীক্ষক আৰু অন্য পাঁচজন লোকক আটক কৰিছে ৷ শুল্ক বিষয়া তথা অন্য লোক কেইজনৰ বিৰুদ্ধে 2019 চনৰ জুন মাহত অবৈধভাৱে সোণ সৰবৰাহৰ অভিযোগৰ ভিত্তিত আটক কৰা হৈছে ৷
অবৈধভাবে সোণ সৰবৰাহৰ অভিযোগত দুই শুল্ক বিষয়াসহ আটক 7 - শুল্ক বিভাগৰ বিষয়া
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে শুকুৰবাৰে অবৈধভাবে সোণ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুই শুল্ক বিষয়াসহ সাতজন লোকক আটক কৰিছে ৷ আহমেদাবাদৰ শুল্ক বিভাগৰ মুখ্য সঞ্চালকৰ অভিযোগৰ ভিত্তিত লোক কেইজনক আটক কৰা হৈছে ৷
অবৈধভাবে সোণ সৰবৰাহৰ অভিযোগত দুই শুল্ক বিষয়াসহ আটক 7
চিবিআইয়ে আটক কৰা শুল্ক বিভাগৰ বিষয়া দুজন ক্ৰমে সোমনাথ চৌধুৰী আৰু সুজিত কুমাৰ ৷ অন্য পাঁচজন লোক ক্ৰমে: ছাজাহান জাহাংগীৰ চৌধুৰী, ছাহিদুল জাহাংগীৰ চৌধুৰী, মোহাম্মদ চাৰফ্ৰাজ মনছুৰি, ছামিম আৰু মোহাম্মদ আজাম ৷ আহমেদাবাদৰ শুল্ক বিভাগৰ মুখ্য সঞ্চালকৰ অভিযোগৰ ভিত্তিত লোক কেইজনক আটক কৰা হৈছে ৷