নিউজ ডেস্ক,12 আগষ্টঃ জাতিবাদক লৈ এগৰাকী বিজেপি বিধায়কৰ মন্তব্যই শেহতীয়াকৈ চৰ্চা লাভ কৰিছে ৷ মুছলমান সমাজৰ বিৰুদ্ধে মাত মাতি সততে চৰ্চা লাভ কৰা বিজেপি বিধায়কগৰাকীয়ে শেহতীয়াকৈ আন এক মন্তব্যৰে পুনৰ সংবাদশীৰ্ষ দখল কৰিবলৈ সক্ষম হৈছে ৷
জাতিগত সংৰক্ষণৰ বাবেই দেশত অব্যাহত আছে জাতিবাদঃ বিজেপি বিধায়ক - দেশ
মুছলমান সমাজৰ বিৰুদ্ধে কৈ সততে চৰ্চালৈ অহা উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে শেহতীয়াকৈ আন এক মন্তব্যৰে চৰ্চালৈ আহিছে ৷ দেশত যেতিয়ালৈকে জাতিগত সংৰক্ষণৰ ব্যৱস্থা থাকিব তেতিয়ালৈকে দেশত জাতিবাদ থাকিব বুলি কয় বিধায়কগৰাকীয়ে ৷
উত্তৰ প্ৰদেশৰ বাল্লিয়া সমষ্টিৰ বিজেপি বিধায়কগৰাকী হৈছে সুৰেন্দ্ৰ সিং ৷ বিধায়কগৰাকীয়ে দেশৰ পৰা জাতিগত সংৰক্ষণৰ ব্যৱস্থা উঠাই দিব লাগে বুলি মন্তব্য কৰিছে ৷ দেশত প্ৰযোজ্য হৈ থকা সংৰক্ষিত জনজাতি আৰু সংৰক্ষিত জনগোষ্ঠী আইনৰ লগতে সংৰক্ষিত জনজাতি আৰু সংৰক্ষিত জনগোষ্ঠীৰ লগতে অন্যান্য পিছপৰা জাতি আৰু সংখ্যালঘুৰ প্ৰথাই দেশৰ উন্নয়নকে ধৰি ঐক্য আৰু সংহতিত বাধাৰ সৃষ্টি কৰি আহিছে বুলি উল্লেখ কৰি এই প্ৰথা দেশৰ পৰা উঠাই দিব লাগে বুলি কয় বিধায়কগৰাকীয়ে ৷ আজিৰ সমাজত জাতিবাদৰ কোনো প্ৰয়োজন নাই যদিও চৰকাৰৰ এনেকুৱা ব্যৱস্থাৰ বাবেই এতিয়াও দেশত জাতিবাদৰ দৰে কু-প্ৰথা গা-কৰি আছে ৷
উল্লেখ্যে যে, এইগৰাকী বিধায়কে পূৰ্বেও বহু মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰি আহিছিল যদিও শেহতীয়াকৈ তেওঁৰ মন্তব্যই দেশৰ অধিকাংশ লোকৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷