আইনৰ ৰোষত বিজেপিৰ বিধায়ক - বিজেপি বিধায়ক
'মুখ্যমন্ত্ৰী কন্যাদান আৰু নিকাহ যোজনা'ৰ অধীনত আয়োজিত অনুষ্ঠানত বাধা দিয়াৰ বাবে গোচৰ ৰুজু উমাকান্ত শৰ্মা নামৰ বিধায়কজনৰ বিধায়কজনৰ বিৰুদ্ধে ৷
![আইনৰ ৰোষত বিজেপিৰ বিধায়ক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3711375-thumbnail-3x2-bjp.jpg)
আইনৰ ৰোষত বিজেপিৰ বিধায়ক
নিউজ ডেস্ক,১ জুলাইঃমধ্যপ্ৰদেশত বিজেপিৰ বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু। দেওবাৰে মধ্যপ্ৰদেশৰ চিৰোঞ্জ সমষ্টিৰ বিধায়ক উমাকান্ত শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হয় এক গোচৰ। মুখ্যমন্ত্ৰী কন্যাদান আৰু নিকাহ যোজনাৰ অধীনত আয়োজিত অনুষ্ঠানত বাধা দিয়াৰ বাবে আইনৰ ৰোষত পৰে বিধায়কজন । বিধায়কজনৰ লগতে আন ১৩ জন লোকৰ বিৰুদ্ধেও ৰুজু কৰা হয় গোচৰ। আৰক্ষীয়ে সদৰী কৰা মতে,ভাৰতীয় দণ্ড বিধিৰ ১৮৬নং অনুচ্ছেদ অনুসৰি বিধায়কজনৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰ ৰুজু কৰা হয়।