অসম

assam

ভগৱান শ্ৰীকৃষ্ণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা মোৰাৰী বাপুৰ বিৰুদ্ধে গোচৰ ৰুজু

By

Published : Jun 8, 2020, 8:29 AM IST

ৰামচৰিতমানসৰ প্ৰসিদ্ধ ঘোষক মোৰাৰী বাপুৰ বিৰুদ্ধে গোচৰ ৰুজু । ধৰ্মীয় অনুভূতিত আঘাত হানাৰ অভিযোগতে ৰাজস্থানৰ জয়পুৰ জিলাৰ কালবাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয় মোৰাৰী বাপুৰ বিৰুদ্ধে ।

মোৰাৰী বাপু
শ্ৰীকৃষ্ণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবেই গোতৰ ৰুজু মোৰাৰী বাপুৰ বিৰুদ্ধে

নিউজ ডেস্ক, ৮ জুনঃ ভগৱান শ্ৰীকৃষ্ণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগতে গোচৰ ৰুজু কৰা হয় ৰামচৰিতমানসৰ প্ৰসিদ্ধ ঘোষক মোৰাৰী বাপুৰ বিৰুদ্ধে । ধৰ্মীয় অনুভূতিত আঘাত হানাৰ অভিযোগতে ৰাজস্থানৰ জয়পুৰ জিলাৰ কালবাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয় ।

শ্ৰীকৃষ্ণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবেই গোতৰ ৰুজু মোৰাৰী বাপুৰ বিৰুদ্ধে

মোৰাৰী বাপুয়ে ভগৱান শ্ৰীকৃষ্ণসহ তেখেতৰ সমূহ পৰিয়ালৰ বিৰুদ্ধ আপত্তিজনক মন্তব্য কৰা এটি ভিডিঅ' ভাইৰেল হৈ পৰে । এই ঘটনাৰ পাচতে হিন্দু সমাজৰ লগত জড়িত বহু কেইগৰাকী নেতাই তাৰ বিৰোধিতা কৰি মোৰাৰী বাপুক ক্ষমা খুজিবলৈ দাবী জনাই ।

বিগত ৫০ বছৰৰ পৰা ৰাম কথা পাঠ কৰি অহা মোৰাৰী বাপুৱে শ্ৰীকৃষ্ণক চৰিত্ৰহীন, চোৰ তথা ঠগবাজ বুলি মন্তব্য় কৰিছিল ।

শ্ৰীকৃষ্ণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবেই গোতৰ ৰুজু মোৰাৰী বাপুৰ বিৰুদ্ধে

উল্লেখ্য যে, ২০১৮ চনত মোৰাৰী বাপুৱে অযোধ্যাত মুম্বাইৰ প্ৰায় ২০০ যৌন কৰ্মীৰ সন্মুখত ৰাম কথা পাঠ কৰি এক এটি দিশ নিৰ্ণয় কৰিছিল । আনহাতে, মুম্বাইৰ ৰেড লাইট অঞ্চলৰ কামাথিপুৰাৰ যৌন কৰ্মীসকলে মোৰাৰী বাপুক ৰাম কথা পাঠ কৰিবলৈ ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰে বুলিও উল্লেখ আছে ।

ABOUT THE AUTHOR

...view details