অসম

assam

ETV Bharat / bharat

আলীগড় মুছলিম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ : 12 শ ছাত্ৰ আটক - নাগৰিকত্ব সংশোধনী আইন বাতৰি

উত্তৰ প্ৰদেশত আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ 12 শ ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ 144 ধাৰা উলংঘন কৰাৰ বাবেই গোচৰ ৰুজু হয় ছাত্ৰসকলৰ বিৰুদ্ধে ৷

আলীগড় মুছলীম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ:12 শ ছাত্ৰ আটক
আলীগড় মুছলীম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ:12 শ ছাত্ৰ আটক

By

Published : Dec 26, 2019, 4:34 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ: আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ 12শ ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ ৷ 144 ধাৰা উলংঘন কৰাৰ বাবেই গোচৰ ৰুজু কৰা হয় ছাত্ৰসকলৰ বিৰুদ্ধে ৷ যোৱা 23 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ চুংগী গেটৰ পৰা বাবে বাবে ছৈয়দ গেটলৈকে এক বৃহৎ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে ৷ বিনা অনুমতিত এই প্ৰতিবাদী সমদল উলিওৱাৰ বাবেই 12শ ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে ৷

আলীগড় মুছলীম বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ:12 শ ছাত্ৰ আটক

সমগ্ৰ ৰাষ্ট্ৰৰ লগতে উত্তৰ প্ৰদেশতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ 23 ডিচেম্বৰত ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰবক্তাকে ধৰি আন আন কৰ্মকৰ্তাসকলেও আইনখনৰ বিৰুদ্ধে শান্তি সমদল উলিয়াইছিল ৷ এই শান্তি সমদলৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইনখন অতি সোনকালে বাতিল কৰাৰ লগতে ছাত্ৰসকলৰ ওপৰত আৰক্ষীয়ে বৰ্বৰ আচৰণ কৰাৰ বিৰুদ্ধে উচিত তদন্তৰো দাবী জনাইছিল ছাত্ৰসকলে ৷

লগতে পঢ়ক : অখিল গগৈৰ বাসগৃহ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলয়ত NIAৰ অভিযান

ABOUT THE AUTHOR

...view details