অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগেৰে পিডিপি নেত্ৰী মেহবুবা মুফটিৰ বিৰুদ্ধে গোচৰ ৰুজু - মেহবুবা মুফতিৰ বিৰুদ্ধে গোচৰ

23 অক্টোবৰত সংবাদ সন্মিলনযোগে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপি নেত্ৰীৰ মেহবুবা মুফটিয়ে 370 ধাৰাৰ বিৰুদ্ধে আৰু জাতীয় পতাকাক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে উত্তৰ প্ৰদেশৰ জনপুৰ জিলাৰ অসামৰিক আদালতত গোচৰ ৰুজু কৰে অধিবক্তা হিমাংশু শ্ৰীবাস্তৱে ৷ মুফতিৰ এই মন্তব্যত দেশবাসী অপমানিত আৰু অসন্তুষ্ট হোৱা বুলি তেওঁ মন্তব্য কৰে ৷

Case filed against PDP leader Mehbooba Mufti for treason
ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগেৰে পিডিপি নেত্ৰী মেহবুবা মুফতিৰ বিৰুদ্ধে গোচৰ ৰুজু

By

Published : Oct 29, 2020, 1:45 PM IST

নেশ্যনেল ডেস্ক,29 অক্টোবৰ : উত্তৰ প্ৰদেশৰ জনপুৰ জিলাৰ অসামৰিক আদালতত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপি নেত্ৰীৰ মেহবুবা মুফটিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ সংবিধানৰ 370 ধাৰাৰ বিৰুদ্ধে আৰু জাতীয় পতাকাক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে অভিযোগ উত্থাপন হৈছে ৷

আদালতখনৰ অধিবক্তা হিমাংশু শ্ৰীবাস্তৱে পিডিপি মুফতিৰ বিৰুদ্ধে দেশদ্ৰোহী আৰু ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি আদালতত এক গোচৰ ৰুজু কৰিছে ৷ আগন্তুক 27 নৱেম্বৰত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

অধিবক্তা উপেন্দ্ৰ বিক্ৰম সিঙৰ জৰিয়তে জিলাখনৰ কোটৱালী থানাৰ অন্তৰ্গত নিৱাসী অধিবক্তা শ্ৰীবাস্তৱে আদালতত কয় যে,সংবিধান আৰু আইনৰ প্ৰতি গভীৰ আস্থা আৰু শ্ৰদ্ধা আছে ৷ 370 অনুচ্ছেদ আঁতৰাই দিয়াৰ পাচত সমগ্ৰ দেশে আনন্দ লাভ কৰিছে ৷ এতিয়া সমগ্ৰ দেশতে এখনেই পতাকা উত্তোলন কৰা হ’ব আৰু এটাই দেশধ্বনি দিয়া হ’ব ৷

উল্লেখ্য যে,23 অক্টোবৰত মুফতিয়ে সংবাদ সন্মিলনযোগে এইদৰে মন্তব্য কৰিছিল,‘‘370 অনুচ্ছেদক পুনৰুদ্ধাৰৰ বাবে যুঁজ অব্যাহত থাকিব ৷ জম্মু-কাশ্মীৰৰ পৰা পতাকাখন কাঢ়ি নিয়া হৈছে ৷ যেতিয়ালৈকে পূৰ্বৰ পতাকাখন ঘূৰাই নাপাঁও,তেতিয়ালৈকে অন্য পতাকা উত্তোলন নকৰো’’ ৷

অধিবক্তা হিমাংশু শ্ৰীবাস্তৱে কয় যে,‘‘মুফতিৰ 23 অক্টোবৰৰ এই মন্তব্যই দেশবাসীক মানসিকভাৱে চিন্তিত কৰি তুলিছে ৷ আমি অপমানিত আৰু অসন্তুষ্ট হৈছো ৷ মেহবুবাই এই মন্তব্যৰ বাবে ক্ষমা খোজা নাই ৷ কিন্তু তেওঁ দেশখনক দুৰ্বল কৰাৰ প্ৰয়াস কৰিছে ৷ বিভিন্ন শ্ৰেণীৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ চেষ্টা কৰিছে’’ ৷

দেশখনৰ ন্যায় প্ৰাপ্তি,দেশৰ একতা আৰু অখণ্ডতা ৰক্ষাৰ হেতু অধিবক্তা হিমাংশু শ্ৰীবাস্তৱে আদালতত মুফটিৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক :অতি ভয়াৱহ ৰূপ লৈছে দিল্লীৰ প্ৰদূষণে

ABOUT THE AUTHOR

...view details