অসম

assam

ETV Bharat / bharat

মহেশ ভাট, মুকেশ ভাট আৰু আলিয়া ভাটৰ বিৰুদ্ধে গোচৰ ৰুজু - অভিনেত্ৰী আলিয়া ভাটৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিক আঘাত দিয়াৰ অভিযোগ

মুজাফৰপুৰৰ এগৰাকী উকিলে চলচ্চিত্ৰ নিৰ্দেশক মহেশ ভাট, মুকেশ ভাট আৰু অভিনেত্ৰী আলিয়া ভাটৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিক আঘাত দিয়াৰ অভিযোগ তুলি নিম্ন আদালতত গোচৰ ৰুজু কৰে ।

মহেশ ভাট, মুকেশ ভাট আৰু আলিয়া ভাটৰ বিৰুদ্ধে গোচৰ ৰুজু
মহেশ ভাট, মুকেশ ভাট আৰু আলিয়া ভাটৰ বিৰুদ্ধে গোচৰ ৰুজু

By

Published : Jul 3, 2020, 8:17 PM IST

নিউজ ডেস্ক, 3 জুলাইঃ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত মুজাফৰপুৰত গোচৰ ৰুজু হৈছে চলচ্চিত্ৰ নিৰ্দেশক মহেশ ভাট, মুকেশ ভাট আৰু অভিনেত্ৰী আলিয়া ভাটৰ বিৰুদ্ধে । শুকুৰবাৰে ছনু কুমাৰ নামৰ উকীল এজনে তিনিওৰে বিৰুদ্ধে ৰুজু কৰে গোচৰ । ন্য়ায়িক আদালতত ৰুজু কৰিছে এই গোচৰ ।

চিত্ৰকূট নগৰৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চনু কুমাৰে অভিযোগ কৰি কয় যে, তিনিওগৰাকীয়ে তেওঁলোকৰ পৰৱৰ্তী ছবিৰ বাবে পোষ্টাৰত কৈলাশ পৰ্বতৰ ফটো ব্য়ৱহাৰ কৰিছে, যিয়ে হিন্দু ধৰ্মৰ একাংশ লোকক আঘাত দিছে ।

আন এগৰাকী উকীল প্ৰিয়া ৰঞ্জন আন্নুই কয় যে, আদালতে গোচৰটো গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী 8 জুলাইত শুনানিৰ বাবে দিন ধাৰ্য কৰিছে ।

লগতে পঢ়ক :হাইলাকান্দিত শৌচাগাৰ নিৰ্মাণত অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

...view details