নিউজ ডেস্ক, ৭ জুলাইঃ গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী আৰু বিজেপি নেতা অলপেষ ঠাকুৰৰ বিৰুদ্ধে মঙলবাৰে গোচৰ ৰুজু বিহাৰৰ কাণ্টী আৰক্ষী থানাত । গুজৰাটত বিহাৰৰ শ্ৰমিকৰ সৈতে ভেদ-ভাৱ কৰাৰ অভিযোগতে গোচৰ ৰুজু কৰে বুলি জানিবলৈ দিয়ে মুজফ্ফৰপুৰৰ আৰক্ষী বিষয়াই ।
গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু অলপেষ ঠাকুৰৰ বিৰুদ্ধে মুজফ্ফৰপুৰত গোচৰ ৰুজু - গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী আৰু অলপেষ ঠাকুৰ বিৰুদ্ধে বিহাৰত গোচৰ ৰুজু
মঙলবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী আৰু বিজেপি নেতা অলপেষ ঠাকুৰৰ বিৰুদ্ধে গোচৰ ৰুজু । গুজৰাটত বিহাৰৰ শ্ৰমিকৰ সৈতে ভেদ-ভাৱ কৰাৰ অভিযোগ সন্দৰ্ভতে বিহাৰৰ কাণ্টী আৰক্ষী থানাত গোচৰ ৰুজু কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী
উল্লেখ্য যে, প্ৰায় এবছৰ পূৰ্বে মুজফ্ফৰপুৰৰ তামান্না হাছমি নামৰ এগৰাকী সমাজ কৰ্মীৰ অভিযোগৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধি ১৫৩,২৯৫ আৰু ৫০৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে । আনহাতে, এই গোচৰ সন্দৰ্ভতে মুজফ্ফৰপুৰ ন্যায়ালয়ে আৰক্ষীক নিৰ্দেশ দিয়া পাচতে গোচৰ ৰুজু কৰে আৰক্ষীয়ে । ২০১৮ ৰ ১১ অক্টোবৰত তামান্না হাছমিয়ে মুজফ্ফৰপুৰৰ এচিজেএম কোৰ্টত অভিযোগ দাখিল কৰিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
লগতে পঢ়ক :কৰিমগঞ্জত ক'ৰণা ভাইৰাছত আক্ৰান্ত চিকিৎসক