নিউজ ডেস্ক, ১৫ জুনঃ উত্তৰ প্ৰদেশৰ মুজ্জাফাৰনগৰত দেওবাৰে পথ দুৰ্ঘটনাত নিহত হয় এজন ব্যক্তিৰ । পথৰ দুৰাৱস্থা তথা পথত থকা পুখুৰী সদৃশ গাঁতৰ বাবেই সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী ।
আনহাতে, দুৰৱস্থা পথৰ বাবেই অকাল মৃত্যুক সাবটিৱ লগা ব্যক্তিজনৰ পৰিয়ালৰ লোকে সোমবাৰে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
মুজ্জাফাৰনগৰত পথ দুৰ্ঘটনা, ঘটনা সন্দৰ্ভত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু দেওবাৰে ৰাতি বাইক আৰোহীজনে লগত আন এজন সতীৰ্থসহ নিজাঘৰ লৈ গৈ থকা অৱস্থাতে ডিভাইডাৰত খুন্দা মাৰে । যাৰ পৰিপ্ৰেক্ষিতত এজন থিতাতে নিহত হোৱাৰ উপৰিও আন এজনক সংকটজনক অৱস্থাত ওচৰৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ।
লগতে পঢ়ক :সুশান্ত মোৰ ভাল বন্ধু, তোমাৰ আত্মাই শান্তি লাভ কৰক : অৰ্জুন কাপুৰ