নেশ্যনেল ডেস্ক, 26 জানুৱাৰী : দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত 71 সংখ্যক গণতন্ত্ৰ দিৱসৰ পেৰেডত নেতৃত্ব প্ৰদান কৰে কেপ্তেইন তানিয়া শ্বেৰগিলে ৷
উল্লেখ্য যে, জানুৱাৰী মাহত সেনা দিৱসৰ দিনাও 'পেৰেড এডজুটেন্ট'ৰ ভূমিকা গ্ৰহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল তানিয়া শ্বেৰগিল ৷ "Teevra Chaukas" (বেগী আৰু সতৰ্ক) আদৰ্শ বহনকাৰী সৈন্যদলক নেতৃত্ব প্ৰদান কৰিছিল তানিয়াই ৷
আনহাতে, দেওবাৰে গণতন্ত্ৰ দিৱসত পেৰেড কমাণ্ডাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল লেফটেনেন্ট জেনেৰেল অচিত মিস্ত্ৰীয়ে ৷ পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা এই পেৰেড 90 মিনিট ধৰি অব্যাহত থকাৰ পাচতে বিভিন্ন ৰাষ্ট্ৰ, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু চৰকাৰী বিভাগে 22 খনকৈ শুভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷