অসম

assam

ETV Bharat / bharat

পুঁজি ব্যয়ত অদক্ষতা আৰু গুৰুত্বহীনতাই পুষ্টিকৰ খাদ্যৰ আঁচনি ৰূপায়ণত বাধা দিছে - পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ

পুঁজি ব্যয়ত অদক্ষতা আৰু গুৰুত্বহীনতাই বাধা দিছে পুষ্টিকৰ খাদ্যৰ আঁচনি ৰূপায়ণত ৷ নীতি আয়োগে ইতিমধ্যে এই অভিযানৰ সহায়ত কেইবাটাও শাখাত লক্ষ্য নিৰ্ধাৰণ কৰিছে । সেইবোৰ হ’ল-বৃদ্ধিহীনতা ২ শতাংশ হ্ৰাস,উচ্চতা কমৰ ক্ষেত্ৰত ২ শতাংশ হ্ৰাস,নৱজাতক,মহিলা আৰু কিশোৰ-কিশোৰীৰ এনিমিয়া তিনি শতাংশ হ্ৰাস আৰু জন্ম সূত্ৰে ওজন কমৰ হাৰ ২ শতাংশ প্ৰতি বছৰে হ্ৰাস কৰা ।

পুষ্টিকৰ খাদ্যৰ আঁচনি ৰূপায়ণত হোৱা বাধাই বিয়পাইছে পুষ্টিহীনতা

By

Published : Nov 15, 2019, 12:51 PM IST

নিউজ ডেস্ক,15 নৱেম্বৰঃ চৰকাৰী আঁচনিসমূহ কাৰ্যকৰী কৰাত সঘনাই সন্মুখীন হৈ অহা সমস্যাটো হৈছে পুঁজিৰ অভাৱ। যথেষ্ট পুঁজি থকা স্বত্বেও ব্যয় নকৰা বিষয়টোক সংশ্লিষ্ট কৰ্তৃপক্ষৰ অৱহেলা বুলিয়েই ক’ব পাৰি। কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ে কেন্দ্ৰীয় চৰকাৰৰ পোষণ অভিযানক যুদ্ধকালীন ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰাৰ লগতে সম্পূৰ্ণ ধন ব্যয় কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়াৰ পাছতেই এই বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই সন্দৰ্ভত উদ্বেগ ব্যক্ত কৰি কৈছিল যে ৰাজ্যসমূহে কল্যাণকামী আঁচনিসমূহৰ নিৰ্ধাৰিত লক্ষ্যসমূহত উপনীত হোৱাত পিছ পৰি আছে । এই বক্তব্যই সমস্যাৰ গভীৰতাকে প্ৰতীয়মান কৰে। পোষণ অভিযান আঁচনি কেৱল নামতহে ৰূপায়ণ কৰি অহা হৈছে আৰু পশ্চিমবংগ,হাৰিয়ানা,পাঞ্জাৱ,কেৰালা,ওড়িশাআৰু গোৱাআদিৰ দৰে ৰাজ্য বহু পিছ পৰি আছে । কেন্দ্ৰই বৰ্তমানলৈকে ৩৭৬৯ কোটি টকা আবণ্টন দিছে যদিও ইয়াৰ মাত্ৰ ১০৫৮ কোটি বা ৩৩ শতাংশহে ব্যয় কৰা হৈছে। আনকি পশ্চিমবংগ, ওড়িশা আৰু গোৱাত আঁচনিখন আৰম্ভই কৰা হোৱা নাছিল। মাত্ৰ এক শতাংশ ধনহে কৰ্ণাটক আৰু পাঞ্জাৱত ব্যয় কৰা হৈছে। হাৰিয়ানা আৰু কেৰালাত ধন ব্যয়ৰ হাৰ ১০ শতাংশতকৈ কম ।

পুঁজি ব্যয়ৰ অদক্ষতাই কঢ়িয়াইছে পুষ্টিহীনতাৰ অশনি সংকেত

কেন্দ্ৰীয় চৰকাৰৰ সৈতে মতভেদ থকা পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰখনে আঁচনিখন ৰূপায়ণৰ বাবে গ্ৰহণেই নকৰিলে। ৰাজ্যখনৰ মন্ত্ৰী শশী পাঞ্জাই আঁচনিখন ৰূপায়ণ নকৰাৰ কাৰণ হিচাপে কৈছে যে ৰাজ্যিক পুষ্টি আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনিতকৈ অধিক ফলপ্ৰসূ । প্ৰায় অনুৰূপ অৱস্থা বিৰাজ কৰিছে বিজেপি শাসিত ৰাজ্য গোৱাতো । গোৱা চৰকাৰৰ সংশ্লিষ্ট বিষয়া দীপালি নায়কে কোৱামতে পৰ্যাপ্ত ক্ষেত্ৰ কৰ্মীৰ অভাৱেই আঁচনিখন ৰূপায়ণ নকৰাৰ মূল কাৰণ বা নেতিবাচক দিশ । অতি কম মূল্যত স্মাৰ্টফোন বা আন সামগ্ৰী ক্ৰয় কৰিব নোৱৰাটোও আন এক কাৰণ বুলি বিষয়াগৰাকীয়ে ব্যক্ত কৰে । অৱশ্যে পাঞ্জাৱৰ পৰিস্থিতি আন ৰাজ্যসমূহৰ তুলনাত কিছু পৰিমাণে উন্নত । বিভিন্ন সমীক্ষাই স্পষ্টকৈ উল্লেখ কৰিছে যে বৰ্তমানৰ গতিত চলি থাকিলে আঁচনিখন বিফল হোৱাটো নিশ্চিত। চিকিৎসা বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় পত্ৰিকা লেনচেটৰ সমীক্ষাই স্পষ্টকৈ সকীয়াই দি কৈছে যে শিশুৰ বিকাশৰ সমস্যা,ওজন কম,জন্মতে ওজন কম,শিশু-মহিলাৰ এনিমিয়াআদি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পোষণ অভিযানৰ লক্ষ্যসমূহত ২০২২ৰ ভিতৰত উপনীত হ’ব নোৱাৰিব। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদেও একেই মত প্ৰকাশ কৰিছে। নৱজাতক,গৰ্ভৱতী মহিলাআৰু ছয় বছৰ তলৰ বয়সৰ পুষ্টিক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱিত কৰিব পৰা অনেক আঁচনি দেশখনত থকা স্বত্বেও আটাইকেইখন ৰাজ্যতে পুষ্টিহীনতাৰ সমস্যা গভীৰভাৱে দেখা গৈছে । এই আঁচনিসমূহৰ মাজত সমন্বয় স্থাপনৰ উদ্দেশ্যে ২০১৮ চনত পোষণ অভিযান আৰম্ভ কৰা হৈছিল। একত্ৰিতভাৱে কেইবাটাও বিভাগৰ সমন্বয়ত এই আঁচনি কাৰ্যকৰী কৰাৰ কথা আছিল। মূল উদ্দেশ্য আছিল অংগনৱাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে ২০২২ চনৰ ভিতৰত পুষ্টিহীনতাৰ সমস্যা দূৰ কৰা ।

পুঁজি ব্যয়ৰ অদক্ষতাই কঢ়িয়াইছে পুষ্টিহীনতাৰ অশনি সংকেত

নীতি আয়োগে ইতিমধ্যে এই অভিযানৰ সহায়ত কেইবাটাও শাখাত লক্ষ্য নিৰ্ধাৰণ কৰিছে । সেইবোৰ হ’ল-বৃদ্ধিহীনতা ২ শতাংশ হ্ৰাস,উচ্চতা কমৰ ক্ষেত্ৰত ২ শতাংশ হ্ৰাস,নৱজাতক,মহিলা আৰু কিশোৰ-কিশোৰীৰ এনিমিয়া তিনি শতাংশ হ্ৰাস আৰু জন্ম সূত্ৰে ওজন কমৰ হাৰ ২ শতাংশ প্ৰতি বছৰে হ্ৰাস কৰা । যেতিয়া নীতি আয়োগে ২৭ খন জিলাত এক সমীক্ষা চলাইছিল তেতিয়া বহু আশ্চৰ্যকৰ তথ্য পোহৰলৈ আহে। সমীক্ষা অনুসৰি ৭৮ শতাংশ গৰ্ভৱতী আৰু প্ৰসূতিৰ নাম অংগনৱাড়ী কেন্দ্ৰত পঞ্জীয়নভুক্ত হোৱাৰ বিপৰীতে ৪৬ শতাংইহে পুষ্টিকৰ খাদ্যৰ সুবিধা লাভ কৰে । প্ৰধানমন্ত্ৰীৰ মাতৃ বন্দনা যোজনাৰ অধীনত ২৫ দিনৰ বাবে খাদ্য বস্তু যোগান ধৰিব লাগে । কিন্তু প্ৰকৃততে নিৰ্ধাৰিত দিনৰ আধাসংখ্যক দিনতহে এয়া যোগান ধৰা হয়। কেন্দ্ৰীয় চৰকাৰে ২০২১ৰ ভিতৰত সকলো অংগনৱাড়ী কেন্দ্ৰক ডিজিটেল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

পুঁজি ব্যয়ৰ অদক্ষতাই কঢ়িয়াইছে পুষ্টিহীনতাৰ অশনি সংকেত

স্মাৰ্টফোন ব্যৱহাৰ কৰি পোষণ অভিযানৰ ৰূপায়ণৰ প্ৰকৃত অৱস্থা বুজ লোৱাৰো পৰিকল্পনা কৰা হৈছে । পৰিসংখ্যামতে ২৬খন ৰাজ্যৰ ২৮৫ জিলাৰ ৪,৮৪,৯০১ টা অংগনৱাড়ী কেন্দ্ৰত ডিজিটেল প্ৰযুক্তিৰ সুবিধা আছে য’ত হিতাধিকাৰীৰ তথ্য নিয়মীয়াভাৱে সংৰক্ষিত কৰা হয় । দেশৰ ১৪ লাখ অংগনৱাড়ী কেন্দ্ৰৰ ভিতৰত মাত্ৰ ২৭.৬ শতাংশ কেন্দ্ৰইহে স্মাৰ্টফোন লাভ কৰাৰ বিপৰীতে ৩৫ শতাংশ কেন্দ্ৰই উচ্চতা মাপক যন্ত্ৰ,বৃদ্ধি হিচাপ কৰা মাপক আৰু ওজন জোখা যন্ত্ৰ লাভ কৰিছে । প্ৰায় ৬.২৮ লাখ স্মাৰ্টফোন অংগনৱাড়ী কেন্দ্ৰসমূহৰ বাবে ক্ৰয় কৰাৰ বিপৰীতে আৰু ৪.৯৫ লাখ ফোন ক্ৰয়ৰ চিন্তা-চৰ্চা চলিছে। পশ্চিমবংগ,পাঞ্জাৱ আৰু ওড়িশাই এতিয়ালৈকে ম’বাইল ফোন ক্ৰয়ৰ কথা চিন্তা কৰা নাই । নীতি আয়োগে অৱগত হৈছে যে মাতৃ আৰু শিশুৰ তথ্যসমূহ সঠিকভাৱে লিপিবদ্ধ কৰা হোৱা নাই, ম’বাইল ফোনসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ নকৰাৰ বিপৰীতে যিসমূহ তথ্য লিপিবদ্ধ কৰা হৈছে সেইবোৰৰ সত্যাসত্য প্ৰমাণৰো কোনো ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই। এই তথ্যসমূহ এইকাৰণে প্ৰাসংগিক কিয়নো কেন্দ্ৰীয় চৰকাৰে পোষণ অভিযানৰ অধীনৰ ১৪ লাখ ভুৱা হিতাধিকাৰীক চিনাক্ত কৰিছে ।

বহু মহিলা আৰু শিশু কল্যাণ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সংখ্যা পৰ্যাপ্ত নহয় বুলিও নীতি আয়োগে আঙুলিয়াই দিছে। এতিয়াও প্ৰকল্প পৰিচালক আৰু মহিলা পৰিদৰ্শকৰ ২৫ শতাংশ পদ খালী হৈ পৰি আছে। কল্যাণকামী আঁচনি মাতৃ বন্দনা যোজনাৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ত অধিক পদ খালী হৈ আছে। সেয়ে আমি প্ৰকৃত সত্য অনুধাৱন কৰি প্ৰশ্ন কৰা উচিত-“এই সকলোবোৰ অসুবিধাৰ মাজত কেনেদৰে এই আঁচনিখন সফলতাৰে ৰূপায়ণ কৰিব পাৰিব ?” প্ৰথমতে ধনৰ ব্যয় নোহোৱা সমস্যাটো সমাধান কৰিব লাগে কাৰণ চৰকাৰৰ হাতত প্ৰকৃত তথ্য আৰু অৱস্থিতি থাকে । জনসাধাৰণৰ সজাগতাও এই ক্ষেত্ৰত বৃদ্ধি হ’ব লাগিব। “যদি আমি এয়া সঠিকভাৱে কৰিব পাৰো তেন্তে আমি নিৰ্ধাৰিত লোকসকলক পুষ্টিকৰ আহাৰ যোগান ধৰা ব্যৱস্থাক ৰক্ষা কৰিব পাৰিম । আমি যদি নিৰ্ধাৰিত লক্ষ্যত সময়মতে উপনীত হ’ব বিচাৰিলে পোষণ অভিযানৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰিব লাগিব। এই কথা আমি দৃঢ়তাৰে মনত ৰাখিব লাগিব যে পুষ্টিহীনতাত ভোগা ভৱিষ্যত প্ৰজন্মৰ দ্বাৰা আমি এক শক্তিশালী ৰাষ্ট্ৰ গঢ়িব নোৱাৰো”।

-শ্ৰীনিবাস ডাৰেগনি

আৰু পঢ়কঃকৃষকসকলক জীয়াই থাকিব দিয়ক!

ABOUT THE AUTHOR

...view details