অসম

assam

ETV Bharat / bharat

CAPF কেন্টিনত 1 জুনৰ পৰা বিক্ৰী কৰা হ'ব কেৱল থলুৱা সামগ্ৰীঃ অমিত শ্বাহ - থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ দেশবাসীক আহ্বান

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ দেশবাসীক আহ্বান জনোৱাৰ পাচতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে যে, অহা 1 জুনৰ পৰা CAPF কেন্টিনত কেৱল থলুৱা সামগ্ৰীহে বিক্ৰী কৰা হ'ব ।

CAPF কেন্টিনত 1 জুনৰ পৰা বিক্ৰী কৰা হ'ব কেৱল থলুৱা সামগ্ৰীঃ অমিত শ্বাহ
CAPF কেন্টিনত 1 জুনৰ পৰা বিক্ৰী কৰা হ'ব কেৱল থলুৱা সামগ্ৰীঃ অমিত শ্বাহ

By

Published : May 13, 2020, 5:23 PM IST

নিউজ ডেস্ক, 13 মে': কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বুধবাৰে ঘোষণা কৰে যে, অহা 1 জুনৰ পৰা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কেন্টিনত কেৱল থলুৱা সামগ্ৰীহে বিক্ৰী কৰা হ'ব ।

হিন্দী ভাষাত লিখা এটা টুইটত তেওঁ প্ৰকাশ কৰে যে, নৰেন্দ্ৰ মোডীয়ে কালি থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ দেশবাসীক কৰা আহ্বানৰ পাচত গৃহ মন্ত্ৰণালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

শ্বাহে টুইটৰ জৰিয়তে দেশবাসীক থলুৱা সামগ্ৰী অধিক পৰিমাণে ব্যবহাৰ কৰাৰ লগতে আনকো ব্যৱহাৰ কৰিবলৈ উদগনি দিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, CAPF অন্তৰ্গত CRPF, BSF, CISF, ITBP, SSB, NSG আৰু আসাম ৰাইফলচৰ কেন্টিনত বছৰি 2800 কোটি টকাৰ সামগ্ৰী বিক্ৰী হয় ।

ABOUT THE AUTHOR

...view details