অসম

assam

By

Published : Jun 29, 2020, 3:06 PM IST

ETV Bharat / bharat

"মই উশাহ লব পৰা নাই দেউতা" কৰ'ণা ৰোগীয়ে দেউতাকলৈ প্ৰেৰণ কৰা শেষ ভিডিঅ'

হায়দাৰৱাদৰ এখন চৰকাৰী হাস্পতালত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পূৰ্বে এজন ৩৪ বছৰীয়া ব্যক্তিয়ে পিতৃক শেষ বিদায় জনাই কৰা এটি ভিডিঅ' চৰ্চা হৈছে ছ'চিয়েল মিডিয়াত । হাস্পাতাল কৰ্তৃপক্ষৰ ভুলৰ বাবেই ২৪ জুনত হাস্পতালত ভৰ্তি কৰোৱা ব্যক্তিজন ২৬ জুনত মৃত্যু হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।

হায়দাৰৱাদ
"মই উশাহ লব পৰা নাই দেউতা" কৰ'ণা ৰোগীয়ে দেউতাকলৈ কৰা শেষ ভিডিঅ'

নিউজ ডেস্ক, ২৯ জুনঃ হায়দাৰৱাদৰ এখন উন্নতমানৰ চৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ থকা এজন COVID-19ত আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ পূৰ্বে কৰা এটি ভিডিঅ' বিশেষভাৱে চৰ্চিত হৈছে । COVID-19ত আক্ৰান্ত ব্যক্তি গৰাকীয়ে মৃত্যুৰ পূৰ্বে পিতৃক শেষ বিদায় জনাই কৰা ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।

২৪ জুনত COVID-19ত ৰিপোৰ্ট লাভ কৰাৰ পাচতে হাস্পতালত ভৰ্তি কৰোৱা ৩৪ বছৰীয়া ব্যক্তিগৰাকীৰ ২৬ জুনত মৃত্যু হয় বুলি জানিবলৈ দিয়ে পৰিয়ালে ।

COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা যুকজনে কৰা ভিডিঅ'ত কয় যে, মই উশাহ লব পৰা নাই দেউতা । বিদায় !! মই হাস্পতাল কৰ্তৃপক্ষক কৈছো যে মই উশাহ লোৱাত কষ্ট পাইছো । কিন্তু তাৰ পাচতো তেওঁলোকে মোৰ ভেণ্টিলেটৰ গুছাই দিয়ে । মই অশান্তি অনুভৱ কৰিছো । মোৰ হৃদযন্ত্ৰৰ প্ৰক্ৰিয়া বন্ধ হৈ গৈছে দেউতা । বিদায় !

"মই উশাহ লব পৰা নাই দেউতা" কৰ'ণা ৰোগীয়ে দেউতাকলৈ কৰা শেষ ভিডিঅ'

আনহাতে, মৃত ব্যক্তিজনৰ পিতৃয়ে ভিডিঅ' শ্বেয়াৰ কৰে আৰু কয়, বিশ্ববাসী এই ভিডিঅ'টোৰ জৰিয়তে অৱগত হওক হাস্পতালসমূহে ৰোগীৰ লগত কি কৰে । অন্য পৰিয়ালৰ সৈতে যেন এনে নহওক তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো ।

তাৰোপৰি হাস্পতাল কৰ্তৃপক্ষই যুৱকজনে কৰা এই ভিডিঅ'টো মিছা বুলি মত প্ৰকাশ কৰে । হাস্পতালখনৰ স্বাস্থ্য কৰ্মীয়ে ৰোগী গৰাকীক সৈতে কোনো প্ৰকাৰৰ গাফিলতি কৰা নাই বুলি সদৰি কৰে । লগতে হাস্পতাখনৰ অধ্যক্ষ ডা৹ মহবুবে খানে ৰোগী গৰাকীক ভেণ্টিলেটৰত ৰখা নাই বুলি মত প্ৰকাশ কৰে । তাৰোপৰি ৰোগীজন পূৰ্বৰ পৰাই মায়োকাৰ্ডিটিছ নামৰ বেমাৰত আক্ৰান্ত বুলিও উল্লেখ কৰে হাস্পতাল কতৃপক্ষই ।

ABOUT THE AUTHOR

...view details