নেশ্যনেল ডেস্ক, 17 জুন : POCSO আইন প্ৰণয়নৰ পূৰ্বে তেলেংগানাৰ এগৰাকী 9 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা মূল অভিযুক্তক মৃত্যুদণ্ডৰে দণ্ডিত কৰিবলৈ অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে ৷ উচ্চতম ন্যায়ালয়ে কয় যে, আইন প্ৰণয়নৰ পূৰ্বৰ অপৰাধে সেই আইনত প্ৰভাৱ পেলাব নোৱাৰে ৷
উল্লেখ্য যে, যোৱা বছৰৰ 12 নৱেম্বৰত হাইদৰাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে গৈ তেলেংগানা চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৷ 25 বৰ্ষীয় যুৱকজনক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাচতে তেওঁৰ মৃত্যুদণ্ডৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল চৰকাৰে ৷
যোৱা বছৰৰ 18-19 জুনত নিম্ন আদালতে ঘটনা সংঘটিত হোৱাৰ 48 দিনৰ ভিতৰত পোলেপাকা প্ৰবীণ নামৰ যুৱকজনক মৃত্যুদণ্ডৰ ৰায়দান কৰিছিল ৷