নিউজ ডেস্ক, 28 ছেপ্টেম্বৰঃৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত কাশ্মীৰ সমস্যাক লৈ প্ৰদান কৰা ভাষণত পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ওভোটাই ধৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ সচিব বিদিশা মৈত্ৰাই ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পাৰমাণৱিক শক্তিৰে ভাবুকি প্ৰদান কৰাটো অস্থিৰতাবাদীৰ পৰিচয়,ৰাষ্ট্ৰনেতাৰ নহয় ৷ পাকিস্তানে আজিৰ দিনত নিজৰ দেশত থকা 130 গৰাকী গোলকীয় সন্ত্ৰাসবাদীৰ লগতে 25টা সন্ত্ৰাসবাদ ঘাটিৰ পৰিচয় ৰাজহুৱা কৰিবলৈ সক্ষম হ'বনে বুলি প্ৰশ্ন উত্থাপন কৰে বৈদেশিক সচিবগৰাকীয়ে ৷
ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানক ওভোটাই ধৰিলে ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 74সংখ্যক অধিবেশনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষণত বহুকেইটা ক্ষতিকাৰক শব্দৰ প্ৰয়োগ কৰে ৷ যিকেইটা শব্দ বিশ্ববাসীৰ বাবে চিন্তাৰ কাৰণ,বিশ্ববাসীৰ পৰিচয়ৰ বাবে সন্দেহৰ কাৰণ বুলি কয় ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ সচিব বিদিশা মৈত্ৰাই ৷
পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা ভাষণৰ কঠোৰ সমালোচনাৰে ভাৰতে পাকিস্তানক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে ৷ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত পাকিস্তানে হস্তক্ষেপ কৰিব নোৱাৰে ৷ নিজৰ দেশত থকা আভ্যন্তৰীণ সমস্যা সমাধান কৰাৰ বাবে পাকিস্তানে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ সচিব বিদিশা মৈত্ৰাই ৷
আনহাতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত বহুকেইটা ভুল সংঘটিত কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এবাৰ ৰাষ্ট্ৰপতি বুলি সম্বোধন কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতত পুলৱামা সদৃশ আন এক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ লগতে তেজৰ নদী বৈ যাব বুলি ভাবুকি প্ৰদান কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক বগা কাপোৰ পৰিহিত ডকাইতৰ দল বুলিও উল্লেখ কৰে ইমৰান খানে ৷