নিউজ ডেস্ক, ৩ জুনঃ পূৰ্বৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে বুধবাৰে পুনৰ চীনৰ সামৰিক বাহিনী ভাৰতত প্ৰৱেশ কৰা সন্দৰ্ভত কেন্দ্ৰত শাসনাধীষ্ঠ নৰেন্দ্ৰ মোদী চৰকাৰ ওচৰত প্ৰশ্ন উত্থাপন কৰে । বিজেপি চৰকাৰে ভাৰতত কোনো চীনা সেনা প্ৰৱেশ নকৰা বুলি নিশ্চিত হৈ নে নহয় বুলি প্ৰশ্ন উত্থাপন কৰে ৰাহুল গান্ধীয়ে ।
বুধবাৰে টুইটাৰযোগে ৰাহুল গান্ধীয়ে কয়,ভাৰত চৰকাৰে এইটো বিষয়ত নিশ্চিত নেকি যে ভাৰতত কোনো চীনা সৈন্য প্ৰৱেশ কৰা নাই । তেখেতসকলে সংবাদ মাধ্যমৰ জৰিয়তে কৈছিল যে,ভাৰত-চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত পূৰ্ব লাডাখত ভাৰতীয় সেনা বাহিনী আৰু চীনা সেনা বাহিনীৰ মাজত হোৱা সংঘৰ্ষৰ সমাধানৰ লক্ষ্যৰে ৬ জুনত ভাৰত আৰু চীনৰ মাজত এখন বৈঠক অনুষ্ঠিত কৰা হৈছে । লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ এটি সেনা বাহিনীৰ দল লাডাখৰ সীমাত প্ৰত্যক্ষ কৰা বুলি সদৰী কৰিছে ।