নতুন দিল্লী,16 এপ্ৰিলঃ দিল্লী চৰকাৰৰ সহযোগিতাৰে নিৰ্মাণ কৰা হৈছে এটি বিনামূলীয়া চিকিৎসা পৰামৰ্শ এপ । এই এপৰ জৰিয়তে সাধাৰণ ৰোগীসকলে ফোনৰ জৰিয়তে চিকিৎসা পৰামৰ্শ ল'ব পাৰিব । 24x7 উপলব্ধ চিকিৎসা সেৱা হ'ব সম্পূৰ্ণ বিনামূলীয়া ।
ইয়াৰ লগতে দিল্লীৰ স্বাস্থ্য বিভাগে জনাই যে, ৰোগীয়ে এপটোৰ জৰিয়তে সাধাৰণ চিকিৎসকৰ লগতে বিশেষজ্ঞ চিকিৎসকৰো পৰামৰ্শ লাভ কৰিব পাৰিব । এই এপৰ বিষয়ে ঘোষণা কৰি দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দৰ জৈনে কয় যে, 100 জন চিকিৎসকে বিনামূলীয়াকৈ ইয়াত সেৱা আগবঢ়াই আছে । চিকিৎসালয়ত অত্যাধিক ভিৰ নহ'বলৈ এই ব্যৱস্থা গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে ।
এপটোত সেৱা আগবঢ়োৱা চিকিৎসকসকল দিল্লী চিকিৎসা পৰিষদ, দিল্লী চৰকাৰী চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় (UCMS) আৰু মৌলনা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত ।