অসম

assam

লক ডাউন বৃদ্ধি সম্পৰ্কত কেবিনেট সচিবৰ বৈঠক

By

Published : Apr 15, 2020, 6:03 PM IST

লক ডাউন বৃদ্ধি সম্পৰ্কত বৈঠকৰ আয়োজন কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গৌবাৰ ৷ ভিডিঅ' কনফাৰেন্সিঙত উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি ৷

কেন্দ্ৰীয় কেবিনেট সচিব
ৰাজীৱ গৌবা

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল :কেন্দ্ৰীয় কেবিনেট সচিব ৰাজীৱ গৌবাই বুধবাৰে ৰাজ্যিক মুখ্য সচিব আৰু আৰক্ষী উপ-পৰিদৰ্শকসকলৰ সৈতে লক ডাউনৰ সময়সীমা বৃদ্ধি সম্পৰ্কত এক বৈঠকৰ আয়োজন কৰে ৷ চৰকাৰী তথ্য অনুসৰি,ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত এই বৈঠকত বুধবাৰে পুৱাৰ ভাগত প্ৰদান কৰা সংশোধিত নিৰ্দেশনা সমূহৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত আলোচনা কৰা হয় ৷

উল্লেখ্য় যে,মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে 3 মে'লৈ বৃদ্ধি কৰে লক ডাউনৰ সময়সীমা ৷ সামাজিক দুৰত্বৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি 20 এপ্ৰিলৰ পৰা কিছু সংখ্যক কাৰ্যব্যৱস্থা আৰু অঞ্চলত লক ডাউন শিথিল কৰা হ'ব বুলিও প্ৰকাশ কৰা হৈছিল এই নতুন ঘোষণাত ৷

প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব পি. কে. মিশ্ৰ,গৃহ সচিব অজয়কুমাৰ ভল্লা আৰু স্বাস্থ্য সচিব প্ৰীতি ছুডানো উপস্থিত থাকে এই বৈঠকত ৷ এই সংশোধিত নিৰ্দেশনাৰ জৰিয়তে কোভিড-19 ৰ সংক্ৰমণ ভাৰতৰ পৰা হ্ৰাস কৰিবলৈ চেষ্টা কৰাৰ লগতে কৃষক,শ্ৰমিক আৰু দৈনিক মজুৰী লাভ কৰাসকলক সাহাৰ্য প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

এই বৈঠকত উপস্থিত থাকে জিলাসমূহৰ কালেক্টৰ, আৰক্ষী অধীক্ষক, নগৰ আয়ুক্ত আৰু বিশিষ্ট চিকিৎসকসকল ৷

ABOUT THE AUTHOR

...view details