অসম

assam

ETV Bharat / bharat

কৰ'ণা ভাইৰাছ সন্দৰ্ভত আলোচনাত বহিছে মন্ত্ৰী পৰিষদৰ সচিব - চীনৰ ওহান চহৰ

কেবিনেট সচিব ৰাজীৱ গৌবাই চীনৰ কৰ'ণা ভাইৰাছৰ প্ৰকোপ,ভাইৰাছ উৎপন্ন হোৱা কাৰণ সম্পৰ্কে আলোচনা কৰাৰ লগতে বেমাৰ প্ৰতিৰোধৰ উপায় সন্দৰ্ভত আলোচনা কৰে ৷ বৈঠকখনত অংশগ্ৰহণ কৰে স্বাস্থ্য,বিদেশ মন্ত্ৰালয়,শ্ৰম,প্ৰতিৰক্ষা আৰু আই এণ্ড বি মন্ত্ৰণালয়ে ৷

Cabinet Secretary chairs review meet over Novel Coronavirus
কৰ'ণা ভাইৰাছ সন্দৰ্ভত আলোচনাত বহিছে মন্ত্ৰী পৰিষদৰ সচিব

By

Published : Jan 28, 2020, 10:44 AM IST

নতুন দিল্লী,28 জানুৱাৰীঃদ্ৰুত প্ৰসাৰণকাৰী কৰ'ণা ভাইৰাছৰ কেন্দ্ৰস্থল হৈছে চীনৰ ওহান চহৰ ৷ ওহান চহৰত থকা 250 তকৈ অধিক ভাৰতীয়ক তাৰ পৰা অনাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সোমবাৰে মন্ত্ৰী পৰিষদৰ সচিব ৰাজীৱ গৌবাৰ সভাপতিত্বত আলোচনা কৰা হয় চীনত দ্ৰুত গতিত প্ৰসাৰণ হোৱা এই ভাইৰাছবিধৰ প্ৰতিকাৰৰ সম্বন্ধে ৷ এই বৈঠক যোগে চীনৰ কৰুণা ভাইৰাছৰ প্ৰকোপ,ভাইৰাছ উৎপন্ন হোৱা কাৰণ সম্পৰ্কে আলোচনা কৰাৰ লগতে বেমাৰ প্ৰতিৰোধৰ উপায় সন্দৰ্ভত আলোচনা কৰা হয় ৷ বৈঠকখনত অংশগ্ৰহণ কৰে স্বাস্থ্য,বিদেশ মন্ত্ৰালয়,শ্ৰম, প্ৰতিৰক্ষা আৰু আই এণ্ড বি মন্ত্ৰণালয়ে ৷

দ্ৰুত প্ৰসাৰণকাৰী কৰ'ণা ভাইৰাছ

প্ৰতিবেশী দেশলৈ বিয়পাৰ পূৰ্ণ সম্ভাৱনা থকা এই ভাইৰাছৰ বিৰুদ্ধে প্ৰতিকাৰৰ বিশেষ সিদ্ধান্ত লোৱা হৈছে ৷ লগতে চীনৰ ওহান চহৰত থকা ভাৰতীয় নাগৰিকসকলক তাৰ পৰা ঘূৰাই অনাৰ বাবে বিশেষ অনুৰোধ কৰিছে চীনৰ অধিকাৰীসকলক ৷ ভাইৰাছ বিয়পি নাযাবৰ বাবে ওহানৰ সৈতে মুঠ 12 খন চহৰক ইতিমধ্যে ছিল কৰি দিয়া হৈছে ৷চৰকাৰী হিচাপ মতে,বৰ্তমানলৈকে 2,744টা ভাইৰাছ ঘটনা ইতিমধ্যে ধৰা পৰাৰ লগতে এই ভাইৰাছৰ ফলত মুঠ 80 জন লোকৰ মৃত্যু হৈছে ৷

কৰ'ণা ভাইৰাছ

লগতে পঢ়কঃকোৰোণা ভাইৰাছ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি খৰটকীয়া কৰিছে চীনে

ABOUT THE AUTHOR

...view details