নেশ্যনেল ডেস্ক, 6 এপ্ৰিল : কোভিড-19 ক মষিমূৰ কৰাৰ উদ্দেশ্যে সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে এখন অধ্যাদেশ গৃহীত কৰে ৷ এই অধ্যাদেশ অনুসৰি, সাংসদসকলৰ এবছৰৰ বাবে দৰমহা, বানচ আৰু পেঞ্চন 30 শতাংশলৈ কৰ্তন যাব ৷ কৰ্তন যোৱা সমগ্ৰ ধনৰাশি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে ব্যৱহাৰ কৰা যাব বুলি প্ৰকাশ কৰা হৈছে ৷
এই সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাদেকাৰে কয় যে, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ৰাজ্যসমূহৰ ৰাজ্যপালসকলেও স্ব-ইচ্ছাৰে নিজৰ দৰমহা কৰ্তন কৰাবলৈ সাজু হৈছে ৷