নতুন দিল্লী,24 ডিচেম্বৰঃ মঙলবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত ভাৰতীয় ৰে’লসেৱাৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সেইসূত্ৰে ভাৰতীয় ৰে’লসেৱা ব্যৱস্থাপনাৰ পুনৰ গঠন কৰা হ’ব ৷ লগতে অন্য কিছু ক্ষেত্ৰত সালসলনি ঘটোৱা হ’ব ৷ উল্লেখ্য যে,ৰে’ল ব্যৱস্থাপনাৰ পুনঃগঠনৰ ফলত বিভাগৰ সংখ্যা হ্ৰাস কৰা হ’ব ৷ কেন্দ্ৰীয় কেবিনেটে ৰে’লৱে ব’ৰ্ডৰ বিভাগৰ সংখ্যা আঠৰ পৰা পাঁচলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ৰে’লমন্ত্ৰী পিয়ুস গোৱেলে মঙলবাৰে এই কথা সদৰী কৰে ৷ অধ্যক্ষকে আদি কৰি আন আন সদস্য বৰ্তমান একেটা বিভাগতে সীমাবদ্ধ থাকিব ৷
গোৱেলে ঘোষণা কৰা মতে,যান-বাহন,ৰ’লিং ষ্টক,ট্ৰেক্সন আৰু আভিযান্ত্ৰিকৰ ক্ষেত্ৰত ৰে’লৱে ব’ৰ্ডৰ সদস্যৰ পৰিৱৰ্তে নৱগঠিত ব’ৰ্ডৰ সদস্য থাকিব ৷ য’ত ব্যৱসায় উন্নীতকৰণ,আন্তঃগাঁথনি আৰু বিত্ত আদি বিষয় অন্তৰ্ভূক্ত থাকিব ৷
ভাৰতীয় ৰে’লসেৱাৰ ব্যৱস্থাপনা পৰিৱৰ্তনৰ সিদ্ধান্ত কেবিনেটত আঠটা ভিন্ন বিভাগৰ সেৱাৰ পৰিৱৰ্তে অনাগত দিনত ভাৰতীয় ৰে’লৰ একমাত্ৰ পৰিচয় হ’ব- এক ভাৰতীয় ৰে’লসেৱা ৷ য’ত সন্নিৱিষ্ট থাকিব আভিযান্ত্ৰিক,যান-বাহনকে ধৰি মেকানিকেল আৰু ইলেক্ট্ৰিকেল বিযয় ৷ ৰে’ল সেৱাত ভৱিষ্যতে নিৰাপত্তা বাহিনী আৰু স্বাস্থ্য সেৱা বিভাগ নামে দুটা বিভাগ একে ৰে’লৱে পৰিচালনা সমিতিত অন্তৰ্ভূক্ত থাকিব ৷ পুনঃগঠনৰ ফলত বিভাগসমূহৰ সেৱা উচ্চপৰ্যায়ৰ হোৱাৰ লগতে মসৃণ হ’ব বুলি গোৱেলে কয় ৷
এক সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি,ইয়াৰ দ্বাৰা পূৰ্বে লোকচানৰ সন্মুখীন হোৱা ৰে’লৱেৰ বিভিন্ন বিভাগসমূহৰ মাজত লোকচানৰ পৰিমাণ কমিব ৷ ৰে’লৱে ব’ৰ্ডৰ এই পুনৰ গঠনৰ বাবে 2015 চনত বিবেক দেৱৰয় কমিটিয়ে পৰামৰ্শ আগবঢ়াইছিল ৷ ভাৰতীয় ৰেলসেৱাৰ কেন্দ্ৰীকৰণ আৰু বিভাগীয়কৰণৰ ফলত ৰে’ল সেৱাৰ কৰ্ম-সংস্কৃতি আৰু লক্ষ্যৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিব বুলি কমিটিখনে উল্লেখ কৰে ৷ দৰাচলতে একাধিক মেৰপেঁচৰ পৰা ৰে’লসেৱাক মুক্ত কৰিবলৈয়ে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
লগতে চাওকঃগাজিয়াবাদত প্লাষ্টিকৰ দ্বাৰা নিৰ্মাণ হৈছে তিনিটাকৈ পথ