অসম

assam

ETV Bharat / bharat

প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধিৰ লক্ষ্যৰে আকাশ ক্ষেপনাস্ত্ৰৰ ৰপ্তানিত অনুমোদন - ছাৰফেছ-টু-এয়াৰ ক্ষেপনাস্ত্ৰ প্ৰণালী

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনথ সিঙে বুধবাৰে প্ৰকাশ কৰা অনুসৰি, দেশৰ প্ৰতিৰক্ষা ৰপ্তানিৰ 5 বিলিয়ন লক্ষ্যত উপনীত হোৱাৰ বাবে স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত শক্তিশালী আকাশ ক্ষেপনাস্ত্ৰ প্ৰণালীৰ বিদেশী ৰাষ্ট্ৰলৈ ৰপ্তানিৰ ক্ষেত্ৰত কেন্দ্ৰীয় কেবিনেটে অনুমোদন গৃহীত কৰিছে ৷

প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধিৰ লক্ষ্যৰে আকাশ ক্ষেপনাস্ত্ৰৰ ৰপ্তানিত অনুমোদন
প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধিৰ লক্ষ্যৰে আকাশ ক্ষেপনাস্ত্ৰৰ ৰপ্তানিত অনুমোদন

By

Published : Dec 30, 2020, 5:48 PM IST

নিউজ ডেস্ক, 30 ডিচেম্বৰ :বন্ধুত্বপূৰ্ণ বিদেশী ৰাষ্ট্ৰলৈ আকাশ ক্ষেপনাস্ত্ৰ ৰপ্তানিত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে ৷ বুধবাৰে এই কথা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ দেশৰ 5 বিলিয়ন ডলাৰ প্ৰতিৰক্ষা ৰপ্তানিৰ লক্ষ্যত উপনীত হ’বলৈ কেন্দ্ৰীয় কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জনায় ৰাজনাথ সিঙে ৷

আকাশ হৈ দেশৰ 96 শতাংশ স্বদেশী প্ৰযুক্তিৰে নিৰ্মিত ছাৰফেছ-টু-এয়াৰ ক্ষেপনাস্ত্ৰ প্ৰণালী আৰু ইয়াক 2014ত ভাৰতীয় বায়ুসেনাৰ লগতে 2015ত ভাৰতীয় স্থলসেনাত সংযোজন কৰা হৈছিল ৷ 25 কিলোমিটাৰ দুৰত্বৰ লক্ষ্যভেদী আকাশ ক্ষেপনাস্ত্ৰ ভাৰতীয় সামৰিক বাহিনীৰ এক অন্যতম শস্ত্ৰ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটে এই সিদ্ধান্তত অনুমোদন জনোৱাৰ পিচতেই ৰাজনাথ সিঙে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে ৷ সিঙে জনোৱা অনুসৰি, ক্ষীপ্ৰতাৰে এই কাম সম্পন্ন কৰিবলৈ এখন সমিতিও গঠন কৰা হৈছে ৷

দেশৰ প্ৰতিৰক্ষা সামগ্ৰীৰ বজাৰখন আমদানিৰ পৰিৱৰ্তে ৰপ্তানিমুলক কৰি গঢ়ি তুলিবলৈ এই সিদ্ধান্ত লয় কেন্দ্ৰীয় কেবিনেটে ৷ ইয়াৰ পূৰ্বে ভাৰতে প্ৰতিৰক্ষা সামগ্ৰী অংশ আৰু খণ্ডহে ৰপ্তানি কৰিছিল যদিও আকাশ ক্ষেপনাস্ত্ৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্তই দেশৰ প্ৰতিৰক্ষা ৰপ্তানি অধিক পৰিমানে গ্ৰহণযোগ্য তথা বিশ্ব বজাৰত প্ৰতিযোগিতামুলক কৰি তুলিব বুলি কয় সিঙে ৷

আকাশৰ উপৰিও উপকূলীয় নিৰীক্ষণকাৰী প্ৰণালী, ৰাডাছৰ আৰু এয়াৰ প্লেটফৰ্মো এই সিদ্ধান্তলৈ অনা হ’ব আৰু গঠন কৰা সমিতিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ৷ ইয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাৰে এই সমিতিখন গঠন কৰা হ’ব ৷

লগতে পঢ়ক :কৃষকসকল অন্নদাতা,তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’ব নালাগে: ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details