নিউজ ডেক্স,17 ডিচেম্বৰ :নাগৰিকত্ব সংশোধনী আইনৰ বাবে সমগ্ৰ দেশতেই চলি আছে উত্তাল প্ৰতিবাদ। আইনখনৰ বিৰোধিতাত ওলাই আহিছে প্ৰতিজন নাগৰিক,ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰতিটো দল-সংগঠন। এই আইনখনৰ বিৰোধিতা কৰিবলৈ গৈ ইতিমধ্যেই অসমৰ 5 জন লোক নিহত হোৱাৰ লগতে আহত হৈছে বহুজন।
নাগৰিকত্ব সংশোধনী আইনক লৈ জ্বলিছে ৰাজ্যৰ লগতে দেশ এই আইনখন বাতিলৰ বাবে কেৱল অসমতেই নহয় সমগ্ৰ দেশতেই সাব্যস্ত হৈছে বিক্ষোভ কাৰ্যসূচী। নাগৰিকত্ব সংশোধনী আইনখনৰ বাবে অসমত সৃষ্টি হোৱা ভয়ানক পৰস্থিতিৰ বাবে চৰকাৰে অসমৰ প্ৰতিখন জিলাতে 5 দিনৰ বাবে ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ বিপৰীতে পশ্চিমবংগৰ হাওৰা জিলাত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে মঙলবাৰৰ সন্ধিয়া 5 বজালৈ।
নাগৰিকত্ব সংশোধনী আইনখনক লৈ পশ্চিমবংগত উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে পশ্চিমবংগৰ কিছু সংখ্যক জিলাত 'সতৰ্কতা ব্যৱস্থা'ৰ বাবে কৰ্তন কৰা হৈছে এই ইন্টাৰনেট সেৱা ।
অন্য এক খবৰৰ বাবে : জামিয়াৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি 10জন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ
আনহাতে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বাবে সমগ্ৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী চলি থকাৰ পৰিপেক্ষিততে ডিব্ৰুগড় জিলাত কাৰ্ফিউ প্ৰয়োগ কৰাৰ লগতে মঙলবাৰৰ পুৱা 6 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি,এই পৰ্যন্ত আইনখন সন্দৰ্ভত সৰ্বমুঠ 136 টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে 190 জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ।
লোকসভা আৰু ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী আইন 2019 গৃহীত হোৱাৰ পাছতেই ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰা আইনখনৰ বাবে ৰাজ্যত সৃষ্টি হৈছিল হিসাংত্মক পৰিস্থিতিৰ । ঠায়ে-ঠায়ে পৰিস্থিতি ইমানেই ভয়ানক হৈছিল যে,পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ 26টা সেনাৰ গোটৰ সহায় লোৱা হৈছিল।
অন্য এক খবৰৰ বাবে :নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাংগালুৰুত অসমীয়াৰ প্ৰতিবাদ
এই আইনখনৰ বিৰোধিতাত বৰ্তমানেও চলি আছে তীব্ৰ প্ৰতিবাদ। দেশৰ ভিন্ন ভান্তৰ পৰা আৰম্ভ কৰি সমগ্ৰ ৰাজ্যতে বন্ধ কৰি ৰখা হৈছে ইন্টাৰনেট সেৱা।