অসম

assam

ETV Bharat / bharat

উত্তৰ-পূৱ ভাৰতৰ CAA বিৰোধী সংগ্ৰাম পৃথক : উপমন্যু হাজৰিকা - উত্তৰ-পূৱ ভাৰত

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰে উপমন্যু হাজৰিকাই ৷ উত্তৰ-পূৱ ভাৰতৰ CAA বিৰোধী সংগ্ৰাম অন্য স্থানৰ তুলনাত পৃথক বুলি হাজৰিকাই মন্তব্য আগবঢ়ায় ৷

জ্যেষ্ঠ অধিবক্তা
উপমন্যু হাজৰিকা

By

Published : Feb 15, 2020, 10:43 PM IST

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰী : জ্যেষ্ঠ অধিবক্তা তথা সমাজকৰ্মী উপমন্যু হাজৰিকাই নাগৰিকত্ব সংশোধনী আইন (CAA) সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ তেওঁ কয় যে, অসম আৰু ত্ৰিপুৰা সম্পৰ্কত CAA ৰ বিৰুদ্ধে ৰুজু কৰা আবেদন একেলগ কৰি পৃথকে পৃথকে শুনানি গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়াটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ লগতে হাজৰিকাই কয় যে, ভাৰতৰ অন্য স্থানতকৈ উত্তৰ-পূৱ ভাৰতৰ CAA বিষয়টো সম্পূৰ্ণ পৃথক ৷

ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত হাজৰিকাই কয়, "উত্তৰ-পূৱ ভাৰতত CAA য়ে বহু প্ৰভাৱ পেলাইছে ৷ বাংলাদেশ আৰু পূৱ পাকিস্তানৰ পৰা অহা বহু অবৈধ অনুপ্ৰৱেশকাৰীৰ সাক্ষী হৈ ৰৈছে অঞ্চলটো ৷"

উল্লেখ্য যে, 1971 চনৰ মুক্তি আন্দোলনৰ পাচৰে পৰা উত্তৰ-পূৱৰ বহু সংগঠনে বাংলাদেশৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছিল ৷ 1985 চনত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ছাত্ৰ সংগঠন আছুৰ মাজত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল ৷ ইয়াৰ জৰিয়তে অসমৰ বছৰ বছৰ জোৰা বিদেশী বিৰোধী আন্দোলনৰ অন্ত পৰিছিল ৷

হাজৰিকাই কয়, "ভাৰতৰ 525 জনগোষ্ঠীৰ ভিতৰত উত্তৰ-পূৱ ভাৰততে 247 টা জনগোষ্ঠী থকাৰ লগতে অসমত 115 টা আছে ৷ এই জনগোষ্ঠী কেইটাৰ জনসংখ্যা 3.5 ৰ পৰা 4 কোটি হ'ব আৰু ভাৰতৰ সৰ্বমুঠ জনসংখ্যাৰ ই 3 শতাংশ ৷ এই 3 শতাংশ লোক আৰু জনগোষ্ঠীৰ 50 শতাংশ লোকৰ নিজস্ব সংস্কৃতি আৰু পৰম্পৰা আছে ৷ সেয়েহে, জনগোষ্ঠীসমূহক বিলুপ্তিকৰণৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষা প্ৰদান কৰাটো অত্যাৱশ্যকীয় ৷"

উপমন্যু হাজৰিকাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

বৰ্তমানলৈকে চাৰি উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্য অৰুণাচল প্ৰদেশ, মনিপুৰ, নাগালেণ্ড আৰু মিজোৰামৰ আন্তঃৰাজ্যিক পাৰপত্ৰ (Inner Line Permit) আছে ৷ এই সম্পৰ্কত হাজৰিকাই কয়, "অনুপ্ৰৱেশকাৰীয়ে কোনো জনগোষ্ঠীৰ পৰিচয় সংকটাপন্ন কৰিব নোৱাৰিবৰ বাবে ব্ৰিটিছসকলে ILP ৰ ব্যৱস্থা কৰিছিল ৷ ইয়াৰোপৰি, কিছু স্থানীয় নীতি-নিয়মৰ জৰিয়তেও এই অঞ্চলসমূহৰ সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত অধিকাৰ প্ৰদান কৰা হৈছিল ৷" উল্লেখ্য যে, ILP ৰ ধাৰণাটো ঔপনিৱেশিক যুগৰে ৷ Bengal Eastern Frontier Regulation Act, 1873 ৰ জৰিয়তে বহিৰাগতৰ প্ৰৱেশত ব্ৰিটিছসকলে অধিনিয়ম জাৰী কৰিছিল ৷

হাজৰিকাই কয়, "দেশজুৰি অশান্তিৰ সৃষ্টি কৰা CAA ভাৰতৰ অন্য স্থানৰ বাবে 'প্ৰতীকী মূল্য' আছে ৷ কিয়নো ইয়াৰ জৰিয়তে দেশৰ সংবিধানত উল্লেখিত 'ধৰ্ম নিৰপেক্ষতা' খৰ্গহস্ত হ'ব বুলি সকলো চিন্তিত ৷ কিন্তু, CAA ৰ ফলত সেই অঞ্চলসমূহৰ স্থানীয় লোকৰ পৰিচয় বিপদাপন্ন নহয় ৷"

আৰু পঢ়ক : কিয় আত্মহননৰ পথ বাচি ল'লে মাৰ্চিয়ে !

ABOUT THE AUTHOR

...view details