অসম

assam

ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনে নষ্ট কৰিছে নেকি ভাৰতবৰ্ষৰ সুনাম আৰু ঘৰুৱা শান্তি ?

ৰাষ্ট্ৰপতি ভৱনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বাবে নৈশভোজৰ আয়োজন কৰি থকাৰ সময়তে কেনেদৰে উত্তৰ-পূব দিল্লী হিংসাৰ জুইত জ্বলি উঠিছিল সেই বিষয়ে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে । ৰাষ্ট্ৰসংঘ আৰু বিভিন্ন দেশৰ চৰকাৰৰ মাজত এই বিষয়ত চিন্তা-চৰ্চা চলিছে । মালয়েছিয়া, তুৰ্কী, ইৰান আৰু কানাডাই মুকলিভাৱে এই সন্দৰ্ভত উদ্বেগ ব্যক্ত কৰিছে ।

নাগৰিকত্ব সংশোধনী আইনে নষ্ট কৰিছে নেকি ভাৰতবৰ্ষৰ সুনাম আৰু ঘৰুৱা শান্তি ?
নাগৰিকত্ব সংশোধনী আইনে নষ্ট কৰিছে নেকি ভাৰতবৰ্ষৰ সুনাম আৰু ঘৰুৱা শান্তি ?

By

Published : Mar 16, 2020, 3:59 PM IST

সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰে পৰা ভাৰতবৰ্ষ উত্তাল হৈ আছে । ছাত্ৰ-ছাত্ৰীসকলে সংবিধান ৰক্ষা কৰিবলৈ আহ্বান জনাই আহিছে । মুছলমান মহিলাসকলে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰি, গান্ধী আৰু আম্বেদকাৰৰ প্ৰতিছবি লৈ বা গণতন্ত্ৰ সম্পৰ্কীয় প্লেকাৰ্ডেৰে ঐতিহাসিক বাৰ্তা প্ৰেৰণ কৰিছে । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দেশজোৰা প্ৰতিবাদ আৰু দিল্লীৰ হিংসাত্মক ঘটনা শিৰোনাম হৈ পৰিছে । প্ৰাচীন সভ্যতাৰ পৰা বৰ্তমান পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে থকা ভাৰতৰ ইতিবাচক ছবিখন বিনষ্ট হৈছে ।

নাগৰিকত্ব সংশোধনী আইনে নষ্ট কৰিছে নেকি ভাৰতবৰ্ষৰ সুনাম আৰু ঘৰুৱা শান্তি ?

ৰাষ্ট্ৰপতি ভৱনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বাবে নৈশভোজৰ আয়োজন কৰি থকাৰ সময়তে কেনেদৰে উত্তৰ-পূব দিল্লী হিংসাৰ জুইত জ্বলি উঠিছিল সেই বিষয়ে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে । ৰাষ্ট্ৰসংঘ আৰু বিভিন্ন দেশৰ চৰকাৰৰ মাজত এই বিষয়ত চিন্তা-চৰ্চা চলিছে । মালয়েছিয়া, তুৰ্কী, ইৰান আৰু কানাডাই মুকলিভাৱে এই সন্দৰ্ভত উদ্বেগ ব্যক্ত কৰিছে ।

আন বহু দেশে ‘কা’ ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি মতপোষণ কৰা সত্বেও নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাইছে । কিছুসংখ্যক আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাই হিংসাত্মক ঘটনাক গৰিহণা দি তথা ‘কা’ বাতিল কৰাৰ দাবী জনাই বিবৃতিও প্ৰকাশ কৰিছে । আইনখনৰ বৈষম্যমূলক দিশ আৰু মুছলমানসকলক লক্ষ্য কৰি লোৱা বিষয়ে প্ৰভাৱশালী প্ৰকাশনত প্ৰবন্ধ-পাতি লিখা হৈছে । বিশ্বৰ অন্যতম প্ৰভাৱশালী ব্যৱসায়িক আলোচনী দ্য ইকনমিষ্টে হিংসাত্মক ঘটনাৰ সময়ত নাগৰিকসকলক ৰক্ষা কৰাত ব্যৰ্থতা আৰু অৰ্থনৈতিক মন্থৰতা প্ৰতিৰোধ কৰাত বিফল হোৱাৰ বাবে চৰকাৰক মুকলিভাৱে সমালোচনা কৰিছে । এনে এক পৰিৱেশত কোনে ভাৰতবৰ্ষত বিনিয়োগ কৰিবলৈ বিচাৰিব বুলি আলোচনীখনে প্ৰশ্ন কৰিছে ।

আমি মানি ল’ব লাগিব যে নাগৰিকত্ব সংশোধনী আইনৰ বাবে বিশ্বৰ দৃষ্টিত ভাৰতবৰ্ষৰ ভাৱমূৰ্তি ম্লান পৰিছে । বিগত পাঁচ বছৰত বৈদেশিক নীতিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে আদায় কৰা লাভসমূহৰ প্ৰতি সংকট আহি পৰিছে । ইয়াতে প্ৰশ্ন উত্থাপন হয় চৰকাৰে এই দিশবোৰৰ প্ৰতি দৃষ্টি দিয়া নাই কিয় ? ঘৰুৱা শান্তি আৰু গোলকীয় প্ৰতিচ্ছবিৰ বিনিময়ত কিয় চৰকাৰে বিদেশীক নাগৰিকত্ব দিবলৈ বিচাৰিছে ?

এই আইনখনৰ মূল বৈশিষ্ট্য এয়ে যে ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ অমুছলমান লোকসকলক ই নাগৰিকত্ব প্ৰদান কৰে । অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (ইংৰাজীত চমুকৈ এন আৰ চি) জৰিয়তে ১৯ লাখ লোকক নাগৰিকত্ব তালিকাৰ পৰা বাদ দিয়াটো অতিকৈ বিসংগতিপূৰ্ণ । ইয়াৰ ফলত সাধাৰণ ভাৰতীয়সকলৰ নাগৰিকত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন হ’ব পাৰে বুলি ভয়-শংকাৰ সৃষ্টি হৈছে । কা-এন পি আৰ আৰু এন আৰ চিয়ে বিদেশী অনুপ্ৰৱেশকাৰী নোহোৱা কৰিব বুলি গৃহমন্ত্ৰীকে ধৰি বিজেপিৰ কাৰ্যকৰ্তাসকলে কৰা দাবীয়ে ভয় অধিক ঘনীভূত কৰি তুলিছে । পলমকৈ প্ৰধানমন্ত্ৰীয়ে দেশজুৰি এন আৰ চিৰ পৰিকল্পনা কৰা নাই বুলি কৰা ঘোষণাই ৰাইজক আশ্বস্ত কৰিব পৰা নাই । কিয়নো চৰকাৰ আৰু ৰাইজৰ মাজত বিশ্বাসৰ অভাৱ আছে । গো-ৰক্ষাকলৈ হিংসা, লিঞ্চিং, নিৰ্বাচিত জ্যেষ্ঠ নেতাৰ উত্তেজক ভাষণ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত আৰক্ষীৰ দ্বাৰা মুকলি বৈষম্য আদিয়ে ৰাইজক সন্দেহবাদী কৰি তুলিছে । ‘কা’ত মুছলমানক অন্তৰ্ভুক্ত নকৰাৰ বাবে বৃহৎ সংখ্যক মুছলমান লোকে অন্যায় আৰু বৈষম্যমূলক আইনখনৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদৰ জৰিয়তে তেওঁলোকৰ সাংবিধানিক অধিকাৰ আদায় কৰিবলৈ ওলাই আহিছে ।

এই আইনখন কিছুসংখ্যক অনিয়মৰে ভৰা । ইয়াত ধৰ্মীয় উৎপীড়ন সম্পৰ্কে ভ্ৰান্তিকৰ ব্যাখ্যা দিয়া হৈছে । উৎপীড়নৰ বলি হোৱা লোকক আশ্ৰয় আৰু নাগৰিকত্ব প্ৰদান কৰাটো এক মহৎ কাম যাক কোনেও বিৰোধিতা কৰিব নোৱাৰে । কিন্তু যেতিয়া উৎপীড়নৰ বলি হোৱা কোনোবাই সুবিধা লাভ কৰিলে আৰু আন কোনোবা বহিষ্কৃত হ’লে সেয়া বৈষম্যমূলক আইন হৈ পৰে । সাংবিধানিক নীতিয়ে ধৰ্মৰ ভিত্তিত কোনো আইনৰ আওতাৰ পৰা কোনো লোকক বাহিৰত ৰখাটো সমৰ্থন নকৰে ।

দুৰ্ভাগ্যজনকভাৱে আমাৰ চুবুৰীয়া বহুকেইখন দেশেই ধৰ্ম প্ৰধান । ধৰ্মক মূলতঃ ৰাজনৈতিক উদ্দেশ্য আৰু বিৰোধী কন্ঠক ৰুধিবলৈ ব্যৱহাৰ কৰা হয় । অলপ সময়ৰ বাবে ৰাজনৈতিক বিৰোধীসকলৰ কথা পহৰা যাওক, মুছলমানসকলৰ মাজতে থকা ছিয়া, আহমেদিয়া বা হাজাৰা আদি সংখ্যালঘুৰ কথা পাহৰি যাওক, উৎপীড়নৰ বলি হোৱা অধিকাংশই ছুন্নী মুছলমান। এই ক্ষেত্ৰত ধৰ্মীয় ভণ্ডামিৰ বিৰোধিতা কৰাসকলক কেনেদৰে হত্যাৰ জৰিয়তে নিশ্চুপ কৰিবলৈ পাকিস্তানত আইন ব্যৱহাৰ কৰা হৈছে তাৰ উদাহৰণ লোৱা যাওক । এনেবোৰ আইনৰ অধীনত শাস্তি মৃত্যুদণ্ড । বহুতেই দেশ ত্যাগ কৰি বিশ্বৰ আন প্ৰান্তত আশ্ৰয় ল’বলৈ বাধ্য হৈছে । বাংলাদেশত ৰাজনৈতিক ইছলাম আৰু সমাজত ইয়াৰ প্ৰভাৱ সম্পৰ্কে প্ৰশ্ন কৰা ধৰ্ম নিৰপেক্ষ কৰ্মী আৰু ব্লগাৰসকলক কেনেদৰে ভয়াৱহভাৱে হত্যা কৰা হৈছে সেয়াও এক জ্বলন্ত উদাহৰণ । কিন্তু তেওঁলোক ভাৰতত আশ্ৰয় গ্ৰহণ কৰিবলৈ যোগ্য নহয় । কাৰণ তেওঁলোকক মুছলমান বাবে বাদ পৰিবলৈ দিয়া হৈছে ।

আন এক অনিয়ম হ’ল নাগৰিকত্ব সংশোধনী আইনক কেৱল মুছলমান প্ৰধান তিনিখন দেশৰ ক্ষেত্ৰতে সীমাবদ্ধ ৰখা হৈছে । কিন্তু শেহতীয়া বুৰঞ্জীত আটাইতকৈ উৎপীড়ন ঘটিছে শ্ৰীলংকাত তামিলসকলৰ ওপৰত ৷ শ্ৰীলংকাত বিদ্ৰোহী সংগঠন এল টি টি ই আৰু সেনাবাহিনীৰ মাজত হোৱা যুদ্ধত ভাৰতীয় বংশোদ্ভৱ বহু নিৰপৰাধী তামিল লোকৰ মৃত্যু হৈছে । নাগৰিকত্ব সংশোধনী আইন যে হিন্দু ৰাষ্ট্ৰবাদৰ পৰা সৃষ্ট এক আদৰ্শগত আইন সেই সম্পৰ্কে হোৱা সমালোচনাক চৰকাৰে মানি ল’ব লাগে । এই আইনখন সংশোধন কৰি আৰু চুবুৰীয়া আটাইবোৰ দেশৰে উৎপীড়িত লোকসকলক সাঙুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে বিশ্বাস আহৰণৰ কথা ক’ব লাগে ।

নাগৰিকত্ব সংশোধনী আইনে নষ্ট কৰিছে নেকি ভাৰতবৰ্ষৰ সুনাম আৰু ঘৰুৱা শান্তি ?

শেষত কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল-নিজ দেশৰ নাগৰিকৰ সমস্যা সমাধান কৰিব নোৱৰা এই চৰকাৰখনে বিদেশীক নাগৰিকত্ব দিবলৈ কিয় ইমান আগ্ৰহী ? ইয়াৰ কাৰণ এয়ে যে এই আইনৰ জৰিয়তে পশ্চিমবংগ আৰু আন স্থানত নিৰ্বাচনী লাভালাভৰ লক্ষ্য কৰা হৈছে ।

নাগৰিকত্ব সংশোধনী আইনৰ দৰে অপ্ৰয়োজনীয় আইনৰ সলনি চৰকাৰে অৰ্থনীতি আৰু সংস্থাপনত প্ৰাধান্য দিব লাগে । শেহতীয়াকৈ ভাৰতবৰ্ষই এক ভয়াৱহ আৰ্থিক সংকটৰ মুখামুখি হৈছে । উৎপাদন খণ্ডটো নিম্নমুখী হৈ পৰিছে আৰু চাৰিটা দশকৰ ভিতৰত নিবনুৱাৰ হাৰ সৰ্বাধিক । খেতিৰ খৰচ বৃদ্ধি আৰু জলবায়ুৰ সমস্যাৰ বাবে দেশজুৰি কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে । আমাৰ নৱ প্ৰজন্মৰ বাবে আমাক অধিক শিক্ষা আৰু বৃত্তিমূলক সুবিধা লাগে । নাৰীৰ নিৰাপত্তাৰ প্ৰতি বহু কৰণীয় আছে । বিকাশ আৰু প্ৰগতিৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচিত হোৱা চৰকাৰ এখনে অদৰকাৰী আইন এখনত ব্যতিব্যস্ত থাকিব নোৱাৰে । হিংসাত্মক ঘটনা আৰু সামাজিক একতাৰ অভাৱৰ মাজত মেক ইন ইণ্ডিয়াই বিদেশী বিনিয়োগক আকৰ্ষিত কৰিব নোৱাৰে । ন্যায়, সমতা আৰু বৈষম্যহীনতাৰ সাংবিধানিক প্ৰতিশ্ৰুতি নিশ্চিত কৰাৰ বাবে চৰকাৰখন দায়বদ্ধ । চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত ইয়াৰ স্থিতিকলৈ পুনৰ বিবেচনা কৰিব লাগে যাৰ অবিহনে বহু-সংস্কৃতি আৰু বহু ধৰ্মীয় বিশ্বাসৰ এক গণতন্ত্ৰ হিচাপে ভাৰতবৰ্ষৰ থকা প্ৰতিচ্ছবিখন নাইকিয়া হৈ পৰিব ।

লেখকঃ জাকিয়া ছমান

লগতে চাওকঃ

53 জন ভাৰতীয়ৰ চতুৰ্থ দলৰ ইৰাণৰ পৰা ভাৰতলৈ উভতনিঃ এছ জয়শংকৰ

ABOUT THE AUTHOR

...view details