অসম

assam

ETV Bharat / bharat

প্ৰসংগ উপ নিৰ্বাচনঃ 11 খন ৰাজ্যৰ 30 খন আসনৰ বাবে ভোট গণনা আৰম্ভ - সত্যনাৰায়ণ

ক'ভিড-19 ৰ মাজতে দেশৰ প্ৰথমটো উপ নিৰ্বাচন সম্পন্ন হয় ৷ 10 খন ৰাজ্যৰ 30 খন আসমৰ বাবে উপ নিৰ্বাচন সম্পন্ন হয় ৷ ইতিমধ্যে,মঙলবাৰৰ পৰা ভোট গণণা প্ৰক্তিয়াও আৰম্ভ হয় ৷ পুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছিল আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, ভোট গণনা কেন্দ্ৰত এজন প্ৰাৰ্থী,এজন এজেন্ট আৰু গণনা এজেন্টক ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে ৷

Bypoll Resluts 2020 LIVE: Counting begins for 30 assembly seats in 11 states
প্ৰসংগ উপ নিৰ্বাচনঃ 11 খন ৰাজ্যৰ 30 খন আসনৰ বাবে ভোট গণনা আৰম্ভ

By

Published : Nov 10, 2020, 12:22 PM IST

নিউজ ডেস্ক, 10 নৱেম্বৰ :ক'ভিড-19 ৰ মাজতে দেশৰ প্ৰথমটো উপ নিৰ্বাচন সম্পন্ন হয় ৷ 10 খন ৰাজ্যৰ 30 খন আসমৰ বাবে উপ নিৰ্বাচন সম্পন্ন হয় ৷ ইতিমধ্যে, মঙলবাৰৰ পৰা ভোট গণণা প্ৰক্তিয়াও আৰম্ভ হয় ৷ পুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছিল আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, ভোট গণনা কেন্দ্ৰত এজন প্ৰাৰ্থী, এজন এজেন্ট আৰু গণনা এজেন্টক ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে ৷

উত্তৰ প্ৰদেশত সাতখন আসনৰ বাবে প্ৰতিদ্বন্দিতা হৈছে ৷ একেদৰে, গুজৰাটত 8 খন আসন,মণিপুৰৰ চাৰিখন আসন আৰু হাৰিয়ানাৰ এখন আসনত ভোট গণনা কৰা হ'ব ৷ লগতে, এন পি এফ আৰু এন ডি পি পিৰ দ্বাৰা অনুষ্ঠিত নাগালেণ্ডৰ দুখন আসনত ভোট গণনা কৰা হ'ব আৰু আৰু বিজেপিয়ে অনুষ্ঠিত কৰা ওড়িশাৰ দুটা আসনৰ বাবে ভোট গণনা কৰা হ'ব । ইয়াৰ উপৰিও বিহাৰৰ বাৰ্মিকী নগৰ লোকসভা আসনৰ উপ নিৰ্বাচনৰ বাবেও ভোট গণনা কৰা হ'ব ৷

লগতে পঢ়ক :শামুকীয়া গতিৰে চলিছে জোনাইত অসামৰিক চিকিৎসালয় নিৰ্মাণৰ কাম

উত্তৰ প্ৰদেশত নগাঁও সাদত,তণ্ডলা,বাঙ্গাৰমাউ, বুলান্দশাহৰ,দেৰিয়া,ঘাটমপুৰ আৰু মালহানি আসনত 88 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰি আছে ।

গুজৰাটৰ আবেদচা (কচু),লিম্বদি (সুৰেন্দ্ৰনগৰ), মৰবি (মৰবি জিলা), ধাৰী (আমৰলি),গধাদা (বটাড),কাৰজান (বডোদৰা), দাং (দাং জিলা) আৰু কাপ্ৰদা (ভালসদ) ত অনুষ্ঠিত উপ-নিৰ্বাচনত মুঠ 60.75 শতাংশ ভোটাৰৰ হাৰ লিপিবদ্ধ কৰা হৈছিল । ইয়াত 8 টা কেন্দ্ৰত এই গণনা অনুষ্ঠিত হ'ব ।

নাগালেণ্ডৰ দুখন বিধানসভা আসনৰ উপ-নিৰ্বাচন-কোহিমাস্থিত দক্ষিণ আংগামি আৰু কিপহেৰ জিলাত পাংগ্ৰো-কিফহিৰত অনুষ্ঠিত হৈছিল ৷ ওড়িশাৰ বালাছোৰ উপ-নিৰ্বাচনৰ ভোট গণনা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কেম্পাচত অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক :অতি শীঘ্ৰেই বিজেপিত যোগ দিব সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

মণিপুৰত 7 নৱেম্বৰত মুঠ 1.35 লাখ ভোটাৰৰ প্ৰায় 91.54 শতাংশ ভোটাৰে উপ-নিৰ্বাচনত ভোটাৰে 7 নৱেম্বৰত চাৰিখন বিধানসভা আসনত ভোট প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷

একেদৰে, ছত্তীছগড়ত চলিত বৰ্ষৰ মে' মাহত ছত্তীছগড়ৰ কংগ্রেছ ছত্তীছগড়ৰ (জে) বিধায়ক আৰু পূৰ্বৰ চি এম অজিত যোগীৰ মৃত্যুৰ বাবে মাৰৱাহিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিছিল ৷

তেলেংগনাৰ ডুবাক বিধানসভা সমষ্টিত শাসকী টিআৰএছ আৰু বিজেপি আৰু কংগ্রেছৰ সৈতে তিনিকোণীয়া প্ৰতিদ্বন্দিতা চলি আছে । কৰ্ণাটকত ছিৰা জে ডি(এছ)ৰ বিধায়ক বি সত্যনাৰায়ণৰ মৃত্যু আৰু কংগ্ৰেছী বিধায়ক মুনিৰথনাৰ পদত্যাগৰ ফলত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল ।

লগতে পঢ়ক :দীপাৱলীত দেশবাসীক থলুৱা সামগ্ৰীৰ ক্ৰয়ৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ABOUT THE AUTHOR

...view details