অসম

assam

ETV Bharat / bharat

20 দিনৰ কৃষক আন্দোলনৰ ফলত প্ৰায় 5000 কোটি টকাৰ ব্যৱসায় প্ৰভাৱিত হৈছেঃ কেইট - টিভি ভাৰত

"কেইট"ৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী প্ৰবীণ খণ্ডেলবালাই ইটিভি ভাৰতক জনায় যে, 20 দিনৰ কৃষক আন্দোলনৰ ফলত প্ৰায় 5000 কোটি টকাৰ ব্যৱসায় প্ৰভাৱিত হৈছে ৷ লগতে দিল্লীৰ পাৰ্শ্বৱৰ্তী ৰাজ্যসমূহত প্ৰায় 30-40 শতাংশ ব্যৱসায় নিম্নগামী হৈছে ৷

BUSINESS WORTH 5000 CRORES AFFECTED DUE TO FARMER MOVEMENT SAYS CAIT
20 দিনৰ কৃষক আন্দোলনৰ ফলত প্ৰায় 5000 কোটি টকাৰ ব্যৱসায় প্ৰভাৱিত হৈছেঃ কেইট

By

Published : Dec 15, 2020, 10:51 PM IST

নিউজ ডেস্ক, 15 ডিচেম্বৰ :দেশৰ ৰাজধানী দিল্লীৰ পৃথক পৃথক সীমান্তত চলি থকা কৃষক আন্দোলনৰ বাবে সমস্যাৰ সন্মুখীন হৈছে বিভিন্ন বৰ্গৰ লোকে ৷ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কন্ফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডচ (কেইট) ৰ তৰফৰ পৰা ব্যৱসায়ৰে জড়িত বিভিন্ন সংগঠনৰ সৈতে বৈঠকত মিলিত হয় ৷ য‘ত পৰিবহণ সন্থা, উপভোক্তা, লঘু উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ ব্যৱসায়, কৃষি উৎপাদিত বস্তুৰ ব্যৱসায়ৰে জড়িত লোক সকল উপস্থিত থাকে ৷ এই বৈঠকত কৃষক সকলৰ সমস্যা আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ঘোষণা কৰা কৃষি বিল সন্দৰ্ভত চৰ্চা কৰা হয় ৷

"কেইট"ৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী প্ৰবীণ খণ্ডেলবালাই ইটিভি ভাৰতক জনায় যে, 20 দিনৰ কৃষক আন্দোলনৰ ফলত প্ৰায় 5000 কোটি টকাৰ ব্যৱসায় প্ৰভাৱিত হৈছে ৷ লগতে দিল্লীৰ পাৰ্শ্বৱৰ্তী ৰাজ্যসমূহত প্ৰায় 30-40 শতাংশ ব্যৱসায় নিম্নগামী হৈছে ৷

লগতে পঢ়ক : তেজপুৰত যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাত পতিত হ'ল এখন ৰে'ল

ABOUT THE AUTHOR

...view details