অসম

assam

ETV Bharat / bharat

বাংগালুৰুত নিৰ্মীয়মান অৱস্থাত খহি পৰিল অট্টালিকা

বাংগালুৰুত মঙলবাৰে নিশা কাপালী ট’কিজ নামৰ অট্টালিকাটো খহি পৰে ৷ অৱশ্যে এই দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক ৷

By

Published : Jul 29, 2020, 10:35 AM IST

Building collaspe in bangalore
বাংগালুৰুত নিৰ্মীয়মান অৱস্থাত খহি পৰে অট্টালিকা

নেশ্যনেল ডেস্ক, 29 জুলাই : বাংগালুৰুৰ মজেষ্টিকত মঙলবাৰে নিশা কাপালী ট’কিজ নামৰ অট্টালিকাটো খহি পৰে ৷ অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি সূত্ৰই জানিবলৈ দিয়ে ৷

তথ্য অনুসৰি, কাপালী ট’কিজ অট্টালিকাটো ভাঙি দিয়া হৈছিল আৰু সম্প্ৰতি ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছে ৷ ট’কিজৰ পিচফালে নিৰ্মীয়মান অৱস্থাত থকা চাৰিমহলীয়া অট্টালিকাটো খহি যায় ৷ এই চাৰিমহলীয়া অট্টালিকাটো হোটেল, ল’জ হিচাপে ব্যৱহৃত হৈ আছিল ৷ কাপালী থিয়েটাৰ স্পেছত নিৰ্মাণৰ কামৰ লগতে ইয়াত 50 ফুট দ’ পাৰ্কিঙৰ কাম চলি আছে ৷ বৈজ্ঞানিক পদ্ধতি অৱলম্বন নকৰাকৈ গভীৰ খনন কৰাৰ ফলত অট্টালিকাটো ভাঙি পৰা বুলি আশংকা প্ৰকাশ কৰা হৈছে ৷

বাংগালুৰুত নিৰ্মীয়মান অৱস্থাত খহি পৰিল অট্টালিকা

ট’কিজৰ নিকটৱৰ্তী অট্টালিকাৰ বেৰত ফাঁট মেলাৰ বাবে অট্টালিকাটোত থকা পিজি আৰু হোটেলো খালী কৰি দিয়া হয় ৷ সেইবাবে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি সূত্ৰই জানিবলৈ দিয়ে ৷ ইয়াৰ পাচতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় লোকৰ ম’বাইলৰ কেমেৰাত বন্দী হোৱা সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰে ৷

লগতে পঢ়ক : সামাজিক বাধাৰ প্ৰাচীৰ ভাঙি আজি আত্মনিৰ্ভৰশীল এদল মহিলা

ABOUT THE AUTHOR

...view details