অসম

assam

ETV Bharat / bharat

ভাৰতৰ অৰ্থব্যৱস্থা 'পুনৰুদ্ধাৰ'ৰ দিশত আছেঃ প্ৰকাশ জাভেদকাৰ - বিশ্ব অৰ্থনীতি

আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি দ্বাৰা ভাৰতৰ বিকাশৰ হাৰৰ নিম্নতম সংশোধন সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কয়, ভাৰতৰ অৰ্থব্যৱস্থা 'পুনৰুদ্ধাৰ'ৰ দিশত আছে আৰু এই বিষয়ত হতাশবাদী দৃষ্টিভংগী ৰখাটো উচিত নহয় ৷

ভাৰতৰ অৰ্থব্যৱস্থা
প্ৰকাশ জাভেদকাৰ

By

Published : Jan 23, 2020, 11:19 PM IST

নিউজ ডেস্ক, 23 জানুৱাৰীঃ1 ফেব্ৰুৱাৰীত উপস্থাপন হ'বলগীয়া কেন্দ্ৰীয় বাজেটত অৰ্থনীতিৰ বৃদ্ধিৰ বাবে চৰকাৰে এক 'কৰ্ম পৰিকল্পনা' উন্মোচন কৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে বুধবাৰে অৰ্থনৈতিক মৌলিক বিষয়বোৰ খুব শক্তিশালী হৈ আছে বুলি উল্লেখ কৰে ৷ আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি দ্বাৰা ভাৰতৰ বিকাশৰ হাৰৰ নিম্নতম সংশোধন সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, অৰ্থব্যৱস্থা 'পুনৰুদ্ধাৰ'ৰ দিশত আছে আৰু এই বিষয়ত হতাশবাদী দৃষ্টিভংগী ৰখাটো উচিত নহয় ৷ বিশ্ব অৰ্থনীতিত উঠা নমাটো থাকে, যিটো বিশ্বৰ প্ৰতিখন দেশতে পৰিলক্ষিত ৷

ভাৰতৰ অৰ্থব্যৱস্থা 'পুনৰুদ্ধাৰ'ৰ দিশত আছেঃ প্ৰকাশ জাভেদকাৰ

ABOUT THE AUTHOR

...view details