অসম

assam

ETV Bharat / bharat

2019-20 বৰ্ষৰ বিত্তীয় বাজেট নতুন ভাৰতৰ মানচিত্ৰ স্বৰূপ !

প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে ফেচবুক যোগে 2019-20 বৰ্ষৰ বিত্তীয় বাজেটক নতুন ভাৰতৰ মানচিত্ৰ বুলি আখ্যা দিছে ৷ তেওঁ কয় যে, ভাল অৰ্থনীতি আৰু চতুৰ ৰাজনীতিৰ সংমিশ্ৰণৰেহে এখন দেশ সবল ৰূপে গঢ়িব পাৰি ৷ 2019-20 বৰ্ষৰ বিত্তীয় বাজেটে মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে আশাৰ ৰেঙনী কঢ়িয়াই আনিছে ৷ ইয়াৰ ওপৰিও এইখন বাজেটে আন্তঃগাথঁনি, নিৰ্মান ক্ষেত্ৰ আৰু ৰিয়েল ইষ্টেত ক্ষেত্ৰ খনত নিয়োগ ব্যবস্থাপনা কৰিব ৷

2019-20 বৰ্ষৰ বিত্তীয় বাজেটক নতুন ভাৰতৰ মানচিত্ৰ : প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলী

By

Published : Jul 6, 2019, 3:59 PM IST

নিউজ ডেস্ক,6 জুলাই: শনিবাৰে প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে ফেচবুক যোগে 2019-20 বৰ্ষৰ বিত্তীয় বাজেটক নতুন ভাৰতৰ মানচিত্ৰ বুলি কয় ৷ তেওঁ কয় যে ভাল অৰ্থনীতি আৰু চতুৰ ৰাজনীতিৰ সংমিশ্ৰণৰেহে এখন দেশ সবল ৰূপে গঢ়িব পাৰি ৷
2019-20 বৰ্ষৰ বিত্তীয় বাজেটে মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে আশাৰ ৰেঙনী কঢ়িয়াই আনিছে ৷ ইয়াৰ ওপৰিও এইখন বাজেটে আন্তঃগাথঁনি, মিৰ্মান ক্ষেত্ৰ আৰু ৰিয়েল এষ্টেত ক্ষেত্ৰ খনত নিয়োগ ব্যবস্থাপনা কৰিব ৷
উল্লেখ্য যে, অনাগত 5 বছৰত 5 ট্ৰিলিয়ন অৰ্থনিতী হব ভাৰত আৰু 2019-20 বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনিতী হব 3 ট্ৰিলিয়ন ৷

2019-20 বৰ্ষৰ বিত্তীয় বাজেটক নতুন ভাৰতৰ মানচিত্ৰ : প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলী
উল্লেখ্য যে, ‘দেশৰ বহী খাতা’ হিচাপে অভিহিত হৈছিল এইবাৰৰ বাজেট ৷ পৰম্পৰা ভংগ কৰি ব্ৰিফকেচৰ পৰিৱৰ্তে ৰঙা কাপোৰত বন্ধা হাছে এইবাৰৰ বাজেট ৷ ৰঙা কাপোৰত বন্ধা বাজেটে পশ্চিমিয়া সংস্কৃতিৰ দাসত্বৰ পৰা অবসান ঘটাইছে বুলি উল্লেখ ৷ নিৰ্মলা সীতাৰমণৰ বিত্ত মন্ত্ৰী হিচাপে এইখন প্ৰথম বাজেট৷ মোডী চৰকাৰৰ দিত্বীয় কাৰ্যকালৰ প্ৰথমখন বাজেট ৷ স্বাধীতাৰ 55 বছৰ পিছতহে 1 ট্ৰিলিয়ন অৰ্থনিতী হবলৈ সক্ষম হৈছিলে ভাৰত কিন্তু পূৰ্বৰ 5 বছৰত NDA চৰকাৰখনে 1 ট্ৰিলিয়ন যোগ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় অৰ্থনিতাত ৷

ABOUT THE AUTHOR

...view details