অসম

assam

ETV Bharat / bharat

বাজেটৰ বাবে প্ৰত্যাহ্বানৰ দিশ "নিবনুৱা সমস্যা" - বাজেট 2019

আগন্তুক 5 জুলাইত উত্থাপন হ'বলগীয়া বাজেটৰ ওপৰত দৃষ্টি নিৱদ্ধ সকলোৰে

বাজেটৰ বাবে প্ৰত্যাহ্বানৰ দিশ "নিবনুৱা সমস্যা"

By

Published : Jul 3, 2019, 7:43 PM IST

হায়দৰাবাদ, 3 জুলাইঃ আগন্তুক 5 জুলাইত নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালৰ বিত্তমন্ত্ৰী নিৰ্মলা সিতাৰমণে উত্থাপন কৰিবলগীয়া বাজেটৰ বাবে অপেক্ষাৰত সকলো ৷

অন্য দিশৰ লগতে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই বাজেটখন ৷ কিয়নো, 2019 বৰ্ষৰ জুন মাহত ভাৰতৰ নিৱনুৱাৰ হাৰ 8.1 শতাংশ ৷ চেন্টাৰ ফৰ মনিটৰিং ইকনমি (CMIE)- ৰ এক ৰিপৰ্টত প্ৰকাশ পাইছে এই তথ্য ৷ লগতে, CMIE-ৰ এই তথ্য অনুসৰি, বিগত দুবছৰত 47 লাখ ব্যক্তিয়ে চাকৰি হেৰুৱাইছে ৷

চিন্তনীয় বিষয় এয়ে যে, দেশখনৰ 68 শতাংশ নিবনুৱা 20-29 বয়সৰ ভিতৰৰ ৷ সেয়েহে আগন্তুক বাজেটখনত চাকৰিৰ দিশটোক গুৰুত্ব দিয়া উচিত ৷

আনহাতে, কৃষিখণ্ডৰ উৎপাদনো ক্ৰমাৎ হ্ৰাস হৈছে ৷ 2018-19 বৰ্ষত 2.9 শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে 2017-18 বৰ্ষত সংশ্লিষ্ট খণ্ডসমূহত 5 শতাংশ বৃদ্ধি হৈছিল ৷

উপৰোক্ত দিশ সমূহ ব্যক্ত কৰিছে উত্তৰাখণ্ডৰ এইচ এন বি গাড়ৱাল চেন্ট্ৰেল বিশ্ববিদ্যালয়ৰ অধ্যাপক, ডo মহেন্দ্ৰ বাবু কুৰুৱাই ৷

ABOUT THE AUTHOR

...view details