নতুন দিল্লী : অৰ্থনৈতিক মন্থৰতাক সঁহাৰি জনাব বুলি বহুল প্ৰত্যাশাৰ মাজতো বাজেটে এই ক্ষেত্ৰত সামান্য গুৰুত্ব দিছে । অৱশেষত অৰ্থনৈতিক মন্থৰতাৰ বিপৰীতে সকাহ প্ৰদান কৰিব বুলি গভীৰভাৱে আশা কৰি থকা বাজেটখন হতাশালৈ পৰিণত হ’ল । প্ৰত্যাশাৰ আধাও ই স্পৰ্শ কৰিব নোৱাৰিলে । ব্যৱসায়ী আৰু পৰিয়ালসমূহে আশা কৰিছিল যে তেওঁলোকৰ ব্যয় ক্ষমতা বৃদ্ধি কৰাৰ বাবে বাজেটে কিবা কৰিব । যদিও এয়া সকলোৰে জ্ঞাত যে এই কাম কৰিবলৈ চৰকাৰে সম্পদৰ বাবে যুঁজিবলগীয়া হৈছে । কিন্তু,
(১)ৰাজসাহায্য প্ৰদানত বিলম্বৰ এক বুদ্ধিহীন সিদ্ধান্ত
(২) পৰৱৰ্তী বছৰত বৃহৎ ৰাজহুৱা নিৰ্বিনিয়োগৰ দ্বাৰা অস্বাভাৱিক সম্পদ সংগ্ৰহ
(৩) এফ আৰ বি এপৰ দফাত ৰেহাই
আদিয়ে ৰাজহ ঘাটি দূৰ কৰাত বিশেষ সহায় কৰিব নোৱাৰে । ৰাজহ হ্ৰাসৰ পৰা আঁতৰত থকাৰ বাবেহে এয়া কৰা হৈছে । চৰকাৰৰ বেলেঞ্চ শ্বীটৰ এয়াই অৱস্থা ।
আয়কৰৰ হাৰ হ্ৰাসে সহায় কৰিবনে?
কৰ্প’ৰেটক কেইমাহ মান পূৰ্বে দিয়া ৰেহাইৰ দৰে এক বৃহৎ সংখ্যক কৰদাতাই আশা কৰা মতে সকাহ লাভ কৰিছে । বাজেটে কৰৰ হাৰ হ্ৰাস কৰি ৫৭.৫ লাখ, ৭.৫-১০ লাখ, ১০-১২.৫ লাখ আৰু ১২.৫-১৫ লাখ বছৰি উপাৰ্জনৰ ক্ৰমে ১০ শতাংশ, ১৫ শতাংশ, ২০ শতাংশ আৰু ২৫ শতাংশ কৰিছে । বৰ্তমান এই হাৰ আছিল ক্ৰমে ১৫, ২০ আৰু ৩০ শতাংশ । কিন্তু এয়া বিনামূলীয়া নহয়, ইয়াৰ লগতো কিছু দিশ জড়িত হৈ আছে । বিশেষকৈ ব্যক্তিগত কৰদাতাৰ বাবে বিভিন্ন ৰেহাই আৰু কৰ্তনৰ মাজেৰে গৈ(তাৰে অধিকাংশই পাৰিশ্ৰমিকৰ পৰা, যেনে-ঘৰভাড়া, ছুটীত ভ্ৰমণ, গৃহ ঋণত সুত আৰু অন্যান্য) নতুন হাৰ বাচনি কৰাৰ উপায় আছে । ইয়াৰ দ্বাৰা তাৎক্ষণিক প্ৰভাৱ পৰাৰ আশা কম । কিয়নো এটা উপায় অৱলম্বন কৰাৰ পাছত তেওঁলোকৰ উপাৰ্জনৰ ওপৰত পৰিব পৰা চূড়ান্ত প্ৰভাৱ সলম্পৰ্কে কৰদাতাসকল সতৰ্ক হৈ পৰিব । The net outcome will therefore be known only after a long time; then too, the offsetting impact may not result in much tax savings even though the FM illustrated with some examples. গতিকে গড় ফলাফলটো বহু দিন পাছতহে গম পোৱা যাব । যদিও বিত্তমন্ত্ৰীয়ে কিছুসংখ্যক উদাহৰণৰে সৈতে দেখুৱাইছে কৰ ৰেহাইৰ ক্ষেত্ৰত ই বিশেষ ফলপ্ৰসূ নহ’ব যেন অনুভৱ হয় । গতিকে স্পষ্ট আৰু দৃশ্যমান বিকাশৰ পৰা এই দিশটোক আঁতৰাই ৰাখিব পাৰি ।
সবকা বিশ্বাস :
বিত্তমন্ত্ৰীয়ে সম্পদ সৃষ্টিকৰ্তা (ব্যৱসায়) আৰু উদ্যোগীসকলৰ বিশ্বাস আৰু সন্মানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । সীতাৰমণে আমাক বাৰম্বাৰ মোদী চৰকাৰৰ সেই শ্ল’গান মনত পেলাই দিছে—সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস । ইয়াৰ দ্বাৰা বিগত কিছু মাহত কেইবাটাও কাৰণত দেখা পোৱা বিশ্বাসৰ সংকটকে প্ৰতিফলিত কৰে । এনে বিশ্বাসহীনতাৰ কাৰণসমূহ হ’ল—গাঁথনিগত পৰিৱৰ্তনৰ ক্ষেত্ৰত ব্যক্তিগত ব্যৱসায়সমূহৰ ধাৰণা, উপনীত হ’ব নোৱৰা প্ৰত্যাশা, অৰ্থনৈতিক নীতিসমূহৰ বিষয়ে স্পষ্টতাৰ অভাৱ আৰু এক অস্বাভাৱিকতা আদি । ই ব্যৱসায়ৰ বিশ্বাসৰ প্ৰতি সংকট সৃষ্টি কৰি অৰ্থনৈতিক কাৰ্যকলাপত প্ৰভাৱ পেলাইছে । আইনৰ অধীনত কৰদাতাৰ চনত তৈয়াৰ, আলোচনাৰ ফলাফল মূল্যায়ন, চুক্তিৰ আইন শক্তশালী কৰা আদি ইয়াৰ সমাধানৰ মাধ্যম হ’ব পাৰে । সামগ্ৰিক ব্যৱসায়িক বিশ্বাস আৰু আৱেগৰ পৰিৱৰ্তন দ্বাৰা সময়তহে এই ফলাফল চোৱা হ’ব ।
চাকৰি সৃষ্টি :
বাজেটে চাকৰি সৃষ্টিৰ বাবে অতি দুৰ্বল প্ৰচেষ্টা হাতত লৈছে ।উদাহৰণস্বৰূপে নগৰ সমিতিসমূহে এতিয়া অভিযান্ত্ৰিকৰ সদ্য স্নাতকসকলক ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰিব । এয়া কিমান উপকাৰী হ’ব সেই কথা তেওঁলোকেহে ক’ব পাৰিব । আনহাতে, বিগত ডিচেম্বৰত ঘোষণা কৰা ১০২ লাখ কোটিৰ নেশ্যনেল ইনফ্ৰাষ্ট্ৰাকছাৰ পাইপলাইনৰ অধীনত এক ৰাষ্ট্ৰীয় প্ৰকল্প পৰিচিলানা সংস্থা স্থাপন কৰা হ’ব যিয়ে বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থাক তেওঁলোকৰ দক্ষতাৰ অৱদান যোগোৱাৰ বাবে জড়িত কৰাব । শিক্ষক, নাৰ্চ, অৰ্ধ সামৰিক আৰু সেৱা প্ৰদানকাৰীসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হিচাপে গঢ়ি তোলাৰ বাবে সহায় কৰা হ’ব যাতে তেওঁলোকে বিদেশত সংস্থাপনৰ সুবিধা লাভ কৰে । যিসকলে অদিক অৰ্থনৈতিক সুবিধাৰ বাবে বাহিৰলৈ যোৱাৰ বাবে চিন্তা কৰি আছে তেওঁলোকৰ বাবে এয়া আনন্দৰ খবৰ । ইয়াৰোপৰি বিকাশ পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰে আন্তঃগাঁথনি সৃষ্টিৰ ওপৰত নিৰ্ভৰশীল হৈছে । বিগত পাঁচ বছৰত যিটো হাৰত ৰাস্তা তথা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ঋণগ্ৰস্ত হ’লেও আশা কৰামতে উন্নয়নৰ ফলাফল লাভ কৰা নাই । ঘতিকে এনে পদক্ষেপ বিশেষ উৎসাহদায়ক নহয় ।
এখন যত্ন লোৱা সমাজৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিত আৱণ্টিত ধনৰ পৰিমাণ ১৩.৪ শতাংশ হ্ৰাস কৰা হৈছে । পি এম-কিষাণ যোজনাত এই হাৰ বিগত বৰ্ষৰ দৰেই সমানেই আছে । আনকি ২০২০ বিত্তীয় বৰ্ষৰ ধনৰ পৰিমাণেই সম্পূৰ্ণৰূপে ব্যয় হোৱা নাই । এইবাৰ অনুসূচিত জাতি আৰু আন আন পিছপৰা শ্ৰেণীৰ বাবে ১২ শতাংশ আৰু ২০ শতাংশ ধন আবণ্টনৰ পৰিমাণ বৃদ্ধি কৰিছে । কৃষি, জীৱিকা, গ্ৰামোন্নয়ন আদিৰ বিষয়ে বহু কথা কোৱা হৈছে যদিও ৰাজ্যসমূহক কেনেদৰে উৎসাহিত কৰিব সেই সম্পৰ্কে কোনো স্পষ্টতা নাই । সামগ্ৰিকভাৱে বাজটখনত ভাগৰ আৰু অৱশ ভাৱ এটাহে পৰিলক্ষিত হয় । এটা কথা সঁচা যে চৰকাৰৰ ধনৰ অভাৱ হৈছে । কিন্তু বাজেট ভাষণে এটা কথা স্পষ্ট কৰিছে যে চৰকাৰৰ ধ্যান-ধাৰণা আৰু সমাধানৰ অভাৱ হোৱা নাই ।
-ৰেণু কোহলি, নতুন দিল্লীস্থ এগৰাকী মেক্ৰ’ অৰ্থনীতিবিদ
বিঃদ্ৰঃ - উপৰোক্ত মতামত লেখকৰ ব্যক্তিগত