নিউড ডেস্ক , 1 ফেব্ৰুৱাৰীঃ দেশৰ সকলো জিলাকেই একোখন ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ় দিয়া হ’ব ৷ সকলো ৰপ্তানি কেন্দ্ৰৰ পৰাই মসৃণ ৰপ্তানিৰ বাবে দেশত বলবৎ কৰা হ’ব NIRVIK আঁচনি ৷ 2020-21 বৰ্ষৰ বিত্তীয় বাজেট উত্থাপনৰ সময়ত এই আঁচনিৰ কথা ঘোষণা কৰিলে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৷ দেশৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ ঘোষণা কৰা হ’ল কেইবাটাও নতুন প্ৰকল্প ৷
বাজেট 2020ঃ কি কি অন্তৰ্ভুক্ত হ’ল অৰ্থনৈতিক খণ্ডত ? - বাজেট 2020
দেশৰ সকলো জিলাকে গঢ় দিয়া হ’ব ৰপ্তানি কেন্দ্ৰ হিচাপে ৷ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব মডেলেৰে দেশত স্থাপন হ’ব 5 খন নতুন স্মাৰ্ট চিটি ৷ নতুনকৈ ঘোষণা কৰা Textile Mission লৈ আগবঢ়োৱা হৈছে 1,480 কোটি টকা ৷
ডাটা চেণ্টাৰ পাৰ্ক নিৰ্মাণৰ ক্ষেত্ৰত বেচৰকাৰী খণ্ডক উৎসাহিত কৰা হ’ব ৷ বৈদ্যুতিক উৎপাদন বৃদ্ধিৰ বাবে ঘোষণা কৰা হ’ব নতুন আঁচনি ৷ ভাৰত নে’ট প্ৰগেমলৈ আগবঢ়োৱা হৈছে 6000 কোটি টকা ৷ 1 লাখ গাঁও পঞ্চায়তলৈ অপটিকেল ফাইবাৰ নেটৰ সুবিধা ৷ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ঘোষণা কৰিলে National Technical Textile Mission ৷ নতুনকৈ ঘোষণা কৰা Textile Mission লৈ আগবঢ়োৱা হৈছে 1,480 কোটি টকা ৷ শীঘ্ৰেই নতুনকৈ স্থাপন কৰা হ’ব Investment Clearance Cell (বিনিয়োগ সূচলকৰণ কোষ) ৷ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব মডেলেৰে দেশত স্থাপন হ’ব 5 খন নতুন স্মাৰ্ট চিটি ৷
লগতে পঢ়কঃকেন্দ্ৰীয় বাজেট 2020ঃ কৰ্মসংস্থান সৃষ্টিৰ বাবে 103 লাখ কোটি টকাৰ ইনফ্ৰা প্ৰকল্প উন্মোচন