অসম

assam

ETV Bharat / bharat

বাজেট 2020 : কি কি সামগ্ৰীৰ দাম বৃদ্ধি আৰু হ্ৰাস পালে ?

শনিবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় বাজেটত বিভিন্ন সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ লগতে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হ'ল ৷

সামগ্ৰীৰ দাম বৃদ্ধি আৰু হ্ৰাস
বাজেট 2020

By

Published : Feb 1, 2020, 11:02 PM IST

নেশ্যনেল ডেস্ক, 1 ফেব্ৰুৱাৰী : চিগাৰেট, ধঁপাতজাতীয় সামগ্ৰী আৰু আমদানীকৃত সামগ্ৰী যেনে, খোৱা তেল, ফেন, টেবুল, জোতা-চেণ্ডেল, ৰন্ধন সামগ্ৰী, পুতলা আৰু আচবাব পত্ৰৰ বৃদ্ধি পালে দাম ৷ শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰা 2020-21 কেন্দ্ৰীয় বাজেটত এই কথা প্ৰকাশ কৰা হয় ৷

আনহাতে, ক্ৰীড়া সামগ্ৰী, মাইক্ৰোফোন, নিউজপ্ৰীন্ট, বৈদ্যুতিক বাহনৰ দাম হ্ৰাস পাব বুলি জানিবলৈ দিয়া হয় ৷

দাম বৃদ্ধি পোৱা সামগ্ৰী -
* মাখন ঘিউ, মাখন তেল, খোৱা তেল, বাদাম
* গাখীৰৰ সৰ, গোমধান, সংৰক্ষিত আলু
* ছুইংগাম, ছয়াবিন
* আখৰোট
* জোতা-চেণ্ডেল, হেয়াৰ ক্লিপ
* ৰন্ধন সামগ্ৰী, পানী ফিল্টাৰ, গ্লাছ ওৱেৰ
* মাণিক, পন্না, নীলম, অন্য ৰত্ন
* তলা
* ফণী, হেয়াৰ পিন, হেয়াৰ কাৰ্লাৰ
* টেবুল ফেন, চিলিং ফেন
* পানীৰ গৰম কৰা যন্ত্ৰ
* হেয়াৰ ড্ৰায়াৰ, ইস্ত্ৰি
* মিক্সাৰ, অভেন, কুকাৰ
* চাহ আৰু কফি বনোৱা পাত্ৰ
* পতংগ মৰা যন্ত্ৰ
* আচবাব পত্ৰ, লেম্প
* পুতলা, ষ্টেচনাৰী সামগ্ৰী, কৃত্ৰিম ফুল, বেল, ট্ৰফী
* মোবাইল ফোনৰ বিভিন্ন সামগ্ৰী
* চিগাৰেট, অন্য ধঁপাতযুক্ত সামগ্ৰী

আনহাতে, দাম হ্ৰাস পোৱা সামগ্ৰী -
* ক্ৰীড়া সামগ্ৰী
* মাইক্ৰোফোন
* বৈদ্যুতিক বাহন

ABOUT THE AUTHOR

...view details