অসম

assam

By

Published : Feb 4, 2020, 5:36 PM IST

ETV Bharat / bharat

বাজেট 2020 : কি পালে পূৰ্বোত্তৰে ?

শদিয়াৰ পৰা ধুবুৰীলৈ 890 কি.মি. দৈঘ্যৰ ব্ৰহ্মপুত্ৰ নদীক আভ্যন্তৰীণ জল পৰিৱহণ ব্যৱস্থা হিচাপে গঢ় দিয়াৰ প্ৰস্তাৱ ৷

ব্ৰহ্মপুত্ৰক আভ্যন্তৰীণ জল পৰিৱহণ ব্যৱস্থা হিচাপে গঢ় দিয়াৰ প্ৰস্তাৱ
ব্ৰহ্মপুত্ৰ নদী

নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বৰ্ষৰ বিত্তীয় বাজেটত দুটা অভিলাষী প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে পূৰ্বোত্তৰ ৰাজ্যৰ উন্নয়নৰ বাবে গঠিত ড'নাৰ মন্ত্ৰালয়ৰ অধীনত 3049 কোটি টকা ধাৰ্য কৰিছে ৷ ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে এই বাজেটত পূৰ্বোত্তৰৰ ক্ৰমবৰ্ধিত বিকাশৰ ধাৰা অব্যাহত ৰখাৰ প্ৰয়াস চলোৱা হৈছিল বুলি দাবী কৰে ৷

নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, বিগত বৰ্ষৰ বাজেটৰ তুলনাত এইবাৰ 14 শতাংশ বৃদ্ধি কৰা হৈছে ৷ তেওঁ দাবী কৰে যে, 2014 চনৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে ৷ উল্লেখ্য যে, বিত্তবৰ্ষ 2019-20 ত বাজেটৰ পৰিমাণ আছিল 2670 কোটি ৷ 2014-15 বৰ্ষত পূৰ্বোত্তৰৰ বাবে ড'নাৰ মন্ত্ৰণালয়ৰ অধীনত 1719 কোটি টকাহে ধাৰ্য কৰা হৈছিল ৷ পূৰ্বোত্তৰৰ কৃষিখণ্ড, দূৰ-সংযোগ আৰু স্বাস্থ্যখণ্ডৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি ক্ৰমে কৃষি মন্ত্ৰালয়ক 13,380.98 কোটি, দূৰ-সংযোগক 1,332 কোটি আৰু স্বাস্থ্যখণ্ড আৰু পৰিয়াল কল্যাণ বিভাগক 5000 কোটি টকা আৱন্টন দিয়া হৈছে ৷ ইয়াৰোপৰি, অন্যান্য কেন্দ্ৰীয় মন্ত্ৰালয়ৰ অধীনত যেনে, শিক্ষা(4,705.66 কোটি), উচ্চশিক্ষা(2,721.30 কোটি), খোৱাপানী আৰু অনাময় আঁচনি ৰূপায়ন বিভাগক (2,149.40 কোটি), শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ক (1,137.16 কোটি), শক্তি বিভাগক (2,067.50 কোটি), পথ পৰিৱহণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ অধীনত (6,780 কোটি), গ্ৰামোন্নয়ন বিভাগক (5,608.35 কোটি) আৰু মহিলা তথা শিশু কল্যাণ মন্ত্ৰালয়ৰ অধীনত (2,972 কোটি) টকা পূৰ্বোত্তৰ ৰাজ্যৰ বাবে লক্ষণীয়ভাৱে বৰ্দ্ধিত বাজেট ধাৰ্য কৰা হৈছে ৷

মন কৰিবলগা যে, এইবাৰৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দুটাকৈ অভিলাষী প্ৰকল্পৰ কথা ঘোষণা কৰিছে ৷ শদিয়াৰ পৰা ধুবুৰীলৈ 890 কি.মি. দৈঘ্যৰ ব্ৰহ্মপুত্ৰ নদীক আভ্যন্তৰীণ জল পৰিৱহণ ব্যৱস্থা হিচাপে গঢ় দিয়াৰ প্ৰস্তাৱো এই বাজেটত ঘোষণা কৰা হৈছে ৷ একেদৰে দেশৰ 5 টা বিশেষ পূৰাতাত্বিক স্থানৰ ভিতৰত শিৱসাগৰক অন্তৰ্ভূক্ত কৰা হৈছে যাক লক্ষণীয় স্থান হিচাপে গঢ়ি তোলা হ'ব ৷

উল্লেখ্য যে, বিত্তীয় বৰ্ষ 2019-20ত বিটিচিৰ বাবে ড'নাৰ মন্ত্ৰণালয়ৰ অধীনত 20 কোটি ধাৰ্য কৰা হৈছিল যদিও কেৱল 4 কোটি টকাহে ব্যয় হয় ৷ সেয়ে 2020-21 বৰ্ষত বিটিচিৰ বাবে 10 কোটিহে ড'নাৰ মন্ত্ৰণালয়ৰ অধীনত পৰিকল্পনাৰ শিতানত ৰখা হৈছে ৷ অসমত ষষ্ঠ অনুচ্ছেদৰ অধীনত গঠিত আন দুখন স্বায়ত্ব শাসিত পৰিষদৰ ক্ষেত্ৰত ডিমা হাছাওৰ বাবে 34 কোটি আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বাবে 2020-21 বিত্তীয় বৰ্ষৰ পৰিকল্পনা শিতানত 57 কোটি টকা ড'নাৰ মন্ত্ৰণালয়ৰ অধীনত ধাৰ্য কৰা হৈছে ৷

আৰু পঢ়ক : অভিভাৱক বিহীন হ'ল শিৱসাগৰবাসী

ABOUT THE AUTHOR

...view details