বাজেটত প্ৰদূষণ মুক্ত ভাৰতৰ বাবে 460 কোটি টকা ধাৰ্য্য - afforestation
এইবাৰ বাজেটত প্ৰদূষণ মুক্ত ভাৰতৰ বাবে ধাৰ্য্য কৰা হৈছে 460 কোটি টকা ৷ National Clean Air Programme (NCAP)ৰ আধাৰত এই ধন ধাৰ্য্য কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ বাজোটক "green budget" বুলি অভিহিত কৰিছে যাৰ বাবে পৰিৱেশ মন্ত্ৰণালয়ে দেশত পৰিৱেশ প্ৰদূষণ কমাবৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷
![বাজেটত প্ৰদূষণ মুক্ত ভাৰতৰ বাবে 460 কোটি টকা ধাৰ্য্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3780338-thumbnail-3x2-envjpeg.jpg)
নিউজ ডেস্ক, 8 জুলাই: পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত এইবাৰ বাজেটত প্ৰদূষণ মুক্ত ভাৰতৰ বাবে ধাৰ্য্য কৰা হৈছে 460 কোটি টকা ৷ National Clean Air Programme (NCAP)ৰ আধআৰত এই ধন ধাৰ্য কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ বাজেটক "green budget" বুলি অভিহিত কৰিছে যাৰ বাবে পৰিৱেশ মন্ত্ৰণালয়ে দেশত পৰিৱেশ প্ৰদূষণ কমাবৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ বায়ু প্ৰদূষণ কমাবলৈ বৈদ্যুতিক গাড়ী, বৃক্ষৰোপণৰ দৰে কাৰ্যত অধিক মনোনিৱেশ কৰিব ৷ 35 কোটি LED বাল্ব উজ্জলা আঁচনিৰ অধীনত বিতৰণ কৰা হৈছে যাৰ বাবে 18,341 কোটি টকা ৰেহাই হৈছিল ৷ ইয়াৰ ওপৰিও স্বচ্ছ ভাৰত অভিযানৰ অধীনত গোটা আৱৰ্জনা নিৰ্মূলৰ বাবে প্ৰত্যক গাঁওলৈ নিয়া হ’ব ৷