নেশ্যনেল ডেস্ক, 1 আগষ্ট : ৰিয়াজ,নৱম শ্ৰেণীত অধ্যয়নৰত দিল্লীৰ এজন চাইক্লিষ্ট ৷ শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে বিশ্বমানৰ এজন চাইক্লিষ্ট হ'বৰ বাবে ঈদৰ উপহাৰ হিচাপে ৰিয়াজক প্ৰদান কৰে এখন ৰেচিং চাইকেল ৷
আনন্দ বিহাৰৰ সৰ্বোদয় বাল বিদ্যালয়ত অধ্যয়নৰত ৰিয়াজ বিহাৰৰ মধুবনী জিলাৰ বাসিন্দা ৷ ৰিয়াজৰ দুই ভগ্নী আৰু এজন ভাতৃ মধুবনীত বাস কৰাৰ পৰিৱৰ্তে ৰিয়াজে গাজিয়াবাদৰ মহাৰাজপুৰত পিতৃৰ সৈতে এক ভাড়াঘৰত বাস কৰে ৷ পিতৃৰ ব্যৱসায়ত সহায় কৰা ৰিয়াজে আজৰি সময়ত গাজিয়াবাদৰ এখন ভোজনশালাত বনকৰা ল'ৰা হিচাপে কাম কৰে ৷
ৰিয়াজৰ ৰুচি হৈছে চাইক্লিং, সেয়েহে অধ্যয়ন আৰু বন কৰাৰ পাচতে তেওঁ চাইক্লিং অনুশীলন কৰে ৷ 2017 চনত দিল্লী ৰাজ্যিক চাইক্লিং চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল ৷ গাজিয়াবাদ জিলা প্ৰশাসনৰ মতে, তেওঁ গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়াতো অংশগ্ৰহণ কৰিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷
সংবাদ মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰিয়াজৰ সংগ্ৰামৰ কথা জানিব পাৰে ৷ প্ৰশিক্ষক প্ৰমোদ শৰ্মাৰ পৰা তেওঁ পেশাদাৰী প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত ৰিয়াজে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷