লক্ষ্ণৌ, 24 জুনঃ অৱশেষত মুকলিকৈ প্ৰকাশ কৰা হ'ল আগন্তুক নিৰ্বাচন সন্দৰ্ভত বহুজন সমাজ পাৰ্টীৰ স্থিতি ৷ বহু চৰ্চিত সমাজবাদী আৰু বহুজন সমাজবাদী দলৰ মিত্ৰতাক লৈ অৱশেষত মুখ খুলিলে বিএছপি দলৰ সভাপতি মায়াৱতীয়ে ৷
মিত্ৰজোঁটৰ পূৰ্বে ভংগ মিত্ৰতা ! - etv bharat
ভংগ হ’ল নেকি সমাজবাদী পাৰ্টী আৰু বহুজন সমাজবাদী পাৰ্টীৰ মিত্ৰতা !
সোমবাৰে দলৰ নেতাসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত মায়াৱতীয়ে আগন্তুক সকলো নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে সমাজবাদী পাৰ্টীৰ লগত কোনো ধৰণৰ মিত্ৰতা নহয় বুলি উল্লেখ কৰে নেত্ৰীগৰাকীয়ে ৷ কেইদিনমান পূৰ্বে অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ কাৰ্যসমূহে মায়াৱতীক মিত্ৰতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি মিত্ৰতাৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য কৰায় বুলিও সাংবাদিকৰ আগত মত প্ৰকাশ কৰে নেত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, 2019 ৰ সাধাৰণ নিৰ্বাচনক লক্ষ্য কৰি অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী দল আৰু মায়াৱতী নেতৃত্বাধীন বহুজন সমাজবাদী পাৰ্টীয়ে উত্তৰপ্ৰদেশৰ বাবে প্ৰাক-নিৰ্বাচনী মিত্ৰতাত মিলিত হৈছিল যদিও আশা কৰা অনুসৰি ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷