অসম

assam

ETV Bharat / bharat

কংগ্ৰেছত বিএচপি বিধায়কৰ চামিলক লৈ আজি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ শুনানি - বিধানসভাৰ অধ্যক্ষ

ৰাজস্থানৰ ৬গৰাকী বিএচপি বিধায়কে কংগ্ৰেছ দলত চামিল প্ৰসংগত বিজেপ নেতা মদন দিলাৱৰে দিয়া আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি । বিএচপি বিধায়ক কেইগৰাকীয়ে বিধান সভাত কংগ্ৰেছৰ হৈ যিকোনো কামৰ সম্পাদন স্থগিত ৰখাৰ প্ৰসংগত পূৰ্বৰ শুনানিৰ বিৰোধিতাৰে পুনৰ আদালতৰ দ্বাৰস্থ হৈছিল বিজেপি নেতা মদন দিলাৱৰে ।

BSP MLAs' merger with Cong: Rajasthan HC to pronounce verdict today
কংগ্ৰেছত বিএচপি বিধায়কৰ চামিলক লৈ আজি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ শুনানি গ্ৰহণ

By

Published : Aug 6, 2020, 4:36 PM IST

নিউজ ডেস্ক,৬আগষ্ট: বিজেপি নেতা মদন দিলাৱৰে কংগ্ৰেছত ৬গৰাকী বিএচপি বিধায়কে যোগদানৰ প্ৰসংগত দিয়া আন এক আবেদনৰ ওপৰত ভিত্তি কৰি ৰাজস্থান উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে গ্ৰহণ কৰিব এক শুনানি ।

বিধান সভাৰ অধ্যক্ষ চিপি যোশীৰ পক্ষে যুক্তি উপস্থাপন কৰি জ্যেষ্ঠ আইনজ্ঞ কপ্পিল চিব্বালে এই আবেদন গ্ৰহণ যোগ্য হ'ব নালাগে বুলি আদালতক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও আদালতে বৃহস্পতিবাৰে এই বিষয়ৰ ওপৰত শুনানি গ্ৰহণ কৰিব আৰু তাৰ পিছতেই ঘোষণা কৰিব ৰায়দান ।

ইয়াৰ পূৰ্বে বুধবাৰে বিএচপিৰ ছয়জন বিধায়কে কংগ্ৰেছ দলত চামিল হৈ বিধান সভাত কৰা কাম কাজৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবৰ বাবে বিজেপি বিধায়ক দিলাৱৰ আৰু বিএচপিৰ ৰাষ্ট্ৰীয় সচিব সতিশ মিশ্ৰই আদালতত দাখিল কৰা এক আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে বিধানসভাৰ অধ্যক্ষক এখন জাননি প্ৰেৰণ কৰিছিল ।

দুয়োজন বিধায়কে বিএএচপিৰ বিধায়ক ছয়জনে কংগ্ৰেছ বিধায়কৰ ৰূপত কাম কৰাৰ ক্ষেত্ৰত বাধা প্ৰদানৰ বাবে দিয়া আবেদন অগ্ৰাহ্য কৰাত পুনৰ এক আবেদনেৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ।

দুয়োটা দলে ২০১৯চনৰ নৱেম্বৰ মাহত বিধান সভাৰ অধ্যক্ষ চি পি যোশীৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এখন ৰিট আবেদন দাখিল কৰিছিল য'ত ছয়জন বিএচপি বিধায়কক কংগ্ৰেছত চামিল হ'বৰ বাবে অনুমতি দিয়া হৈছিল ।

এই আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ খণ্ডপিঠে বিধান সভাৰ অধ্যক্ষক যোৱা ৩০ জুলাইত এখন জাননীৰ জড়িয়তে ১১ আগষ্টত জাননীৰ উত্তৰ দিবৰ বাবে এক নিৰ্দেশনা দিছিলে , য'ত আদালতে কোনো অন্তৰ্বৰ্তীকালীন ৰেহাইৰ কথা উল্লেখ কৰা নাছিল ।

দুয়োটা দলে কংগ্ৰেছত চামিল হোৱা ৬ বিএচপি বিধায়কৰ কাৰ্যাৱলীত বাধা প্ৰদানৰ বাবে আবেদনত উল্লেখ কৰিছিল । ইয়াৰ বিৰুধিতাৰে বিজেপি আৰু বিএচপিয়ে মঙ্গলবাৰে পৃথক ভাবে আবেদন দাখিল কৰিলে ।

কংগ্ৰেছত চামিল হোৱা বিএচপিৰ বিধায়ক ছয়গৰাকী হৈছে সন্দীপ য়াদৱ, ৱাজিব আলি, দ্বীপচন্দ খেৰিয়া, লক্ষণ মিনা, যোগেন্দ্ৰ আৱানা আৰু ৰাজেন্দ্ৰ গোধা । এই কেইগৰাকী বিধায়কেই যোৱাটো বৰ্ষৰ চেপ্তেম্বৰৰ নিৰ্বাচনত কংগ্ৰেছক পৰাজিত কৰিছিলে ।

ABOUT THE AUTHOR

...view details