অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ কানপুৰত বহুজন সমাজ পাৰ্টিৰ নেতাক গুলিয়াই হত্যা - সম্পত্তি ডিলাৰ হিচাপে খ্যাত পিণ্টু চেংগাৰ

কানপুৰৰ এছএছপি দীনেশ কুমাৰ প্ৰভুই জনোৱা মতে, কানপুৰৰ চকেৰি থানাৰ অধীনস্থ এটি এলেকাত শনিবাৰে কোনো অজ্ঞাত হত্যাকাৰীয়ে বন্দুকেৰে গুলিয়াই হত্যা কৰি থৈ যায় সম্পত্তি ডিলাৰ হিচাপে খ্যাত পিণ্টু চেংগাৰ বহুজন সমাজ পাৰ্টিৰ নেতাক । আৰক্ষীৰ সহযোগত হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে পিণ্টু চেংগাৰক ।

উত্তৰ প্ৰদেশৰ কানপুৰত বহুজন সমাজ পাৰ্টিৰ নেতাক গুলিয়াই হত্যা
উত্তৰ প্ৰদেশৰ কানপুৰত বহুজন সমাজ পাৰ্টিৰ নেতাক গুলিয়াই হত্যা

By

Published : Jun 21, 2020, 3:21 PM IST

নেশ্যনেল ডেস্ক, ২১ জুন :উত্তৰ প্ৰদেশৰ কানপুৰৰ চকেৰি থানাৰ অধীনস্থ এটি এলেকাত শনিবাৰে কোনো অজ্ঞাত হত্যাকাৰীয়ে বন্দুকেৰে গুলিয়াই হত্যা কৰি থৈ যায় সম্পত্তি ডিলাৰ হিচাপে খ্যাত পিণ্টু চেংগাৰ বহুজন সমাজ পাৰ্টিৰ নেতাক । কানপুৰৰ এছএছপি দীনেশ কুমাৰ প্ৰভুই সদৰী কৰা মতে, অজ্ঞাত হত্যাকাৰীজনে হত্যা কৰিবৰ বাবে নেতাজনৰ গাড়ীৰ পিছ লয় ।

বিএছপিৰ নেতা পিণ্টু চেংগাৰে নিজৰ গাড়ীৰ পৰা বাহিৰলৈ ওলাই আহোতে হত্যাকাৰীজনে বন্দুকেৰে ৫-৬ ৰাউণ্ড গুলি চলাই হত্যা কৰে নেতাজনক । আৰক্ষীৰ সহযোগত হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে পিণ্টু চেংগাৰক । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি এছএছপি দীনেশ কুমাৰ প্ৰভুই জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details