অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশত নৃত্যানুষ্ঠান আয়োজন কৰি ৰঙাঘৰত সোমাল BSP ৰ নেতা - আলীগড়

ইণ্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ পিচতে আলীগড় আৰক্ষীয়ে বুধবাৰে এগৰাকী স্থানীয় বহুজন সমাজবাদী পাৰ্টীৰ নেতাক গ্ৰেপ্তাৰ কৰে ।

ৰঙাঘৰত সোমাল BSP ৰ নেতা
ৰঙাঘৰত সোমাল BSP ৰ নেতা

By

Published : May 28, 2020, 3:00 PM IST

নিউজ ডেস্ক, ২৮ মে': আলীগড় আৰক্ষীয়ে বুধবাৰে এগৰাকী স্থানীয় বহুজন সমাজবাদী পাৰ্টীৰ নেতা, মহম্মদ জাহিদ আৰু অন্য ২০ গৰাকী লোকৰ বিৰুদ্ধে পুত্ৰৰ বিবাহৰ সন্ধ্যা এক নৃত্য অনুষ্ঠান অনুষ্ঠিত কৰি লক ডাউন উলংঘন কৰাৰ বাবে গোচৰ ৰুজু কৰে ।

এই ঘটনাৰ ভিডিঅ' চছিয়েল মিডিয়াযোগে ভাইৰেল হোৱাৰ পিচতে গোচৰ ৰুজু কৰা হয় । য'ত শতাধিক লোকে এটা পাৰ্টী ছঙত নৃত্য কৰি থকা দেখা গৈছিল ।

ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছিল যে, অতিথিসকলে মাস্ক পৰিধান নকৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰখা ৰখা নাছিল ।

আৰক্ষীৰ মুখপাত্ৰ সকলৰ মতে, জাহিদ আৰু ২০ গৰাকী ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১৮৮, ২৬৯,২৭১ আৰু মহামাৰী ৰোগ আইন 1897ৰ অধীনত চাচনী গেট থানাত গোটৰ ৰুজু কৰিছে । জাহিদ নামৰ লোক গৰাকীয়ে পৰিষদীয় নিৰ্বাচনতো নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিল ।

উল্লেখ্য যে, covid-19ৰ বাবে চাচনী গেট থানা এলেকা ছীল কৰি দিয়া হৈছিল । লক ডাউনৰ বাবে এলেকাটোৰ সকলো লোকৰে যাতায়াতো বন্ধ হৈ আছিল ।

ABOUT THE AUTHOR

...view details