নিউজ ডেস্ক , 04 জুন : ''মহাজোঁটবন্ধন ভংগ সৰ্ম্পকে লোৱা হোৱা নাই কোনো সিদ্ধান্ত '' - সুখদেৱ ৰাজভৰ ৷ লোকসভা নিৰ্বাচনত সমাজবাদী আৰু বহুজন সমাজবাদী পাৰ্টিৰ মহাজোঁটবন্ধনৰ হতাশজনক প্ৰদৰ্শনৰ পাচতে দুয়োদলৰ মিত্ৰতা ভংগৰ খবৰ প্ৰচাৰ হৈছিল ৷ কিন্তু মৌনতা ভংগ কৰি সোমবাৰে মিত্ৰতা ভংগ সৰ্ম্পকে কোনো সিদ্ধান্তত উপনীত নোহোৱাৰ খবৰ পষ্ট কৰে বহুজন সমাজবাদী পাৰ্টীৰ অধ্যক্ষ সুখদেৱ ৰাজভৰে ৷
সুখদেৱ ৰাজভৰে লগতে কয় যে, উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ মন্ত্ৰী, সাংসদ তথা জ্যেষ্ঠ নেতাসকলক লৈ নিৰ্বাচন ফলাফল সৰ্ম্পকে এক বৈঠকতো মিলিত হ'ব ৷ ইয়াৰ উপৰিও বুথ কমিটি আৰু জিলা পৰ্যায়টো দলটোৰ আন্তঃগাঁথনিগত সাল-সালনি কৰাৰো চিন্তা-চৰ্চা কৰি থকা হৈছে ৷ এই ক্ষেত্ৰত মাণ্ডলিক কমিটি সমূহ ভংগ কৰি জিলা পৰ্যায়ত নতুন কমিটি গঠন কৰা হ'ব ৷